অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

0 162

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত আজি গুৱাহাটীৰ দ্বিতীয় খন চিকিৎসা মহাবিদ্যালয়ৰ একাডেমীক ব্লকৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।উল্লেখ্য যে অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টৰ প্ৰাইভেট লিমিটেডৰ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক ৰাধাকিষণ দামানীয়ে এই চুক্তি স্বাক্ষৰ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন।অসম চৰকাৰৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টৰ প্ৰাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত এই বুজাবুজি চুক্তিয়ে ৰাজ্য চিকিৎসা শিক্ষাৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে।অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ দিশত ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতাৰে পদক্ষেপ ল’বলৈ আগবাঢ়িছে বুলিও কয়।মুখ্যমন্ত্ৰীয়ে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক গৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।মুখ্যমন্ত্ৰীয়ে কয় তেখেতৰ কোম্পানীৰ জৰিয়তে শিক্ষা ,স্বাস্থ্য, গৱেষণা মহিলা সৱলীকৰণ,জল সংৰক্ষণ দক্ষতা বিকাশ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে।ক’ভিড মহামাৰী সময়ত পি এম কেয়াৰছ আৰু মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আগবঢ়োৱা কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে। ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডে সামাজিক দায়বদ্ধতা উজ্জ্বল নিৰ্দশন দাঙি ধৰি অসমত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষত বিভিন্ন শিক্ষানুষ্ঠান স্থাপন আৰু চিকিৎসালয় সমূহক সহায় সহযোগিতা আগবঢ়োৱাৰ দিশত এই প্ৰতিষ্ঠানৰ এক বৰ্ণাঢ্য ইতিহাস আছে। লগতে কয় যে ভাৰতীয় ছাত্ৰ ছাত্ৰী সকলক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত অধিক সুযোগ প্ৰদান কৰাৰ বাবে কৰ্পৰেট খণ্ড সমূহলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান প্ৰতি সঁহাৰি জনাই ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টৰ প্ৰাইভেট লিমিটেডে অসমক প্ৰথমখন ৰাজ্য হিচাপে বাচি লৈ তেওঁলোকে সহযোগিতা আৰম্ভ কৰিছে।মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰায় ৬ দশক পূৰ্বে ১৯৬০ চনত ৰাজ্য খনৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে।

তেতিয়া তুলনাত বৰ্তমান ৰাজ্যখনত জনসংখ্যা বহুগুণে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে।নিতৌ বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি বিবেচনা কৰি চৰকাৰে ৰাজ্য বিভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰি চিকিৎসা শিক্ষা আৰু উন্নত স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে।উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দু হিচাপে গুৱাহাটীত দ্বিতীয় খন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰয়োজন আছিল দীৰ্ঘদিনীয়া।এই প্ৰয়োজনীয়তা পূৰণৰ বাবে এক বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰৰে গুৱাহাটীৰ কালাপাহাৰ আৰু এম এম চিত দ্বিতীয় খন চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কাম হাতত লৈছে।মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ব্লকৰ লগতে স্নাতক শ্ৰেণী আৰু ইণ্টাৰ্ণ হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়ন বাবে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ সামাজিক দায়বদ্ধতা পুঁজি হিচাপে ১৫০ কোটি টকাৰ অৱদান আগবঢ়াইছে।তেওঁ লগতে কয় যে গুৱাহাটীৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্থাপনৰ কাম আগুৱাই নিয়াৰ পদক্ষেপ হিচাপে অসম চৰকাৰৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টৰ প্ৰাইভেট লিমিটেডৰ মাজত এই বুজাবুজি চুক্তি ৰূপায়ন কৰা হৈছে।এই সহযোগিতাই চিকিৎসা মহাবিদ্যালয়খন স্থাপন আৰু ছাত্ৰ ছাত্ৰী সকলৰ চিকিৎসা বিজ্ঞান অধ্যয়নৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত বাৰুকৈয়ে সহায় কৰিব বুলি তেওঁ কয়।লগতে কয় যে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্যৰে কাম কৰি আছে।বৰ্তমান ৯ খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি ১৫ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন বাবে পদক্ষেপ লোৱা হৈছে।নতুন ১৫ খনৰ ভিতৰত ৭ খন চিকিৎসা মহাবিদ্যালয়ৰ ক্ৰমে নলবাৰী, নগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, চৰাইদেউ,বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীত দ্বিতীয় খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাম কৰি থকা হৈছে।ডিচেম্বৰ মাহৰ পৰা গোলাঘাট, বঙাইগাঁও, মৰিগাঁও, তামূলপুৰ আৰু ধেমাজিত নতুন ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব। প্ৰস্তাৱিত আন চিকিৎসা মহাবিদ্যালয় সমূহৰ কাম অতি শীঘ্ৰে আৰম্ভ হ’ব বুলি উল্লেখ কৰি কয় যে অহা ৫ বছৰ ভিতৰত অসমত সৰ্বমুঠ ২৪ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ লক্ষ্যৰে কাম কৰি আহিছে।ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰাল ভাৱে ২০১৪ চনত এম বি বি এছৰ আসনৰ সংখ্যা ৭২৬ খন থকা বিপৰীতে ২০২২ চনৰ ১২০০ খনলৈ বৃদ্ধি পাইছে। ২০১৪ চনলৈকে অসমত মুঠ স্নাতকোত্তৰ শ্ৰেণীৰ আসনৰ সংখ্যা আছিল ৩৯৫।২০২২ চনত পি জি আসনৰ সংখ্যা বৃদ্ধি হৈ ৭১১ খন হৈছে।আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত , ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক ৰাধাকিষণ দামানী ,ফাউণ্ডেচনৰ হেড ষ্ট্ৰাষ্টী মধু চন্দ্ৰাইও ভাষণ প্ৰদান কৰে।অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা এৰি গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.