মাজুলী জিলা পৰিবহণ বিভাগ আৰু এনফৰ্চমেন্ট বিভাগ তথা আৰক্ষী বিভাগৰ তৎপৰতাত মাজুলীৰ বিভিন্ন প্ৰান্তত নাকা চেকিং অভিযান চলোৱা হয়৷ বৃহস্পতিবাৰে মাজুলী জিলা পৰিবহণ বিভাগে উজনি মাজুলী নতুন বজাৰত হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহীৰ ওপৰত তৎপৰ হৈ পৰে৷ তদুপৰি ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি মদ্যপান কৰা বাইক আৰোহীক চিনাক্ত কৰাৰ লগতে নাকা চেকিং কৰি বাহনৰ নথিপত্ৰ, জীৱনবীমা আদি সন্দৰ্ভত তন্নতন্নকৈ পৰীক্ষা কৰি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যপন্থা হাতত লোৱা হয়৷ উল্লেখ্যে যে আগন্তক ৰাস উৎসৱৰ প্ৰাকক্ষণত মাজুলী জিলা পৰিবহণ আৰু ইডি তথা আৰক্ষী প্ৰশাসনে লোৱা পদক্ষেপক মাজুলীবাসীয়ে শলাগ লৈছে৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা