নৱম আন্তঃৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ উদ্যোগত ৰাজ্যিক ভিত্তিক যোগ বিষয়ক অনুষ্ঠিত ৰচনা প্ৰতিযোগীতাৰ বঁটা প্ৰদান অনুষ্ঠান চেন্ট্ৰেল গোটা নগৰ মালিগাঁৱত অৱস্থিত পূৰ্বাঞ্চল যোগ তীৰ্থত অনুষ্ঠিত হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট চিকিৎসক ডা° ফৰিদা বেগম উপস্থিত থাকি এক মননশীল বক্তৃতাৰে সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰশাসনিক সম্পাদক প্ৰফুল্ল বৰ্মন, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপিকা ড° মাধন বৰা চহৰীয়া, পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সভানেত্ৰী চিক্তা দেৱ ক’ৰ আদি ব্যক্তিসকল উপস্থিত থাকি ভাষন প্ৰদান কৰে৷ৰাজ্যিক ভিত্তিত যোগ বিষয়ত অনুষ্ঠিত ৰচনা প্ৰতিযোগীতাত যৌথভাৱে প্ৰথম বিজয়ী দিপীকা কলিতা আৰু তাপসী মোডী,দ্বিতীয় স্থান যৌথভাৱে শ্বেখৰ বড়ো আৰু সিদ্ধাৰ্থ ৰয় আৰু যৌথভাৱে তৃতীয় স্থান লাভ কৰা অনুষ্কা হাজৰিকা আৰু দেৱজিৎ শৰ্মাক অনুষ্ঠানত বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় । পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সদস্যাসকলৰ সমবেত সংগীত, কামৰূপী লোকগীত আৰু জেং বিহু অনুষ্ঠানৰ লগতে ডাণিয়া হেনচিকাৰ কণ্ঠত পৰিৱেশন কৰা আধুনিক গীতে উপস্থিত সকলোকে মুগ্ধ কৰে৷যোগ বিষয়ক ৰচনা প্ৰতাযোগীতাৰ সফল ৰূপায়ণৰ বাবে মহিলা যোগ ফাউণ্ডেচনৰ সম্পাদিকা জেফৰিন হাজৰিকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷
Trending
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি