উত্তৰ পূৰ্বাঞ্চলৰ স্পোৰ্টচ্ একাডেমীৰ উদ্যোগত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শ্বহীদ ভৱনত অলপতে দুদিনীয়াকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত চতুৰ্থ সদৌ অসম চিতৰিয়া কাৰাটে প্ৰতিযোগিতাখন সফল সামৰণী পৰে। উক্ত প্ৰতিযোগিতা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’ৰা-ছোৱালী উভয়ে প্ৰায় ৩০০ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা খেলখন আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে কোচপাৰা গাঁও পঞ্চায়তৰ সভাপতি স্বপ্না দাসে। মিৰ্জাৰ নৰ্থ-ইষ্ট স্পৰ্টচ্ একাডেমীৰ প্ৰশিক্ষক মনোজ শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি উক্ত খেলত চাব জুনিয়ৰ ১২ ৰ পৰা ১৩ বছৰ বয়সৰ ৫০ কেজি শাখাত ঋষি কুমাৰ দাসে ব্ৰঞ্জ, ১০ ৰপৰা ১১ বছৰ বয়সৰ ৩০ কেজিৰ শাখাত ইস্পাদিশিত শৰ্মাই চিলভাৰ, ১০ ৰপৰা ১১ বছৰ বয়সৰ ৩৫ কেজি শাখাত অয়ন গোস্বামীয়ে ব্ৰঞ্জ, ১০ ৰপৰা ১১ বছৰ বয়সৰ ৩০ কেজি শাখাৰ হৃষিকেষ কুমাৰে ব্ৰঞ্জ, ইভেন কেডেট ১৪ ৰপৰা ১৫ বছৰ বয়সৰ ৪৫ কেজি শাখাৰ ৰিয়ান দাসে চিলভাৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উক্ত দুয়োদিনৰ খেলত ইউনিফাইড কাৰাটে এচোচিয়েশ্বন অফ অসমৰ সাধাৰণ সম্পাদক নগেন বনজাওৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ