পলাশবাৰীৰ মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে বিগত বছৰ বোৰৰ দৰে এইবেলিও ২৪ আৰু ২৫ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এটি বৈজ্ঞানিক সমাবেশৰ দ্বাৰা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সমাবেশত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ জ্যেষ্ঠ ফাৰ্মাচিষ্ট হেমন্ত বৰুৱা, আপছাৰ উপদেষ্টা ৰফিকুজ জামান, সাধাৰণ সম্পাদক সুধীৰ সাহাই উপস্থিত থাকি অনুষ্ঠানটোৰ শলাগ লয়। অনুষ্ঠানত শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে এখন বাটৰ নাট প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও প্ৰতিষ্ঠানৰ চৌহদত এন.এচ.এচ. গোটৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে। ইয়াৰ পিছতে প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বক্তৃতা, তৰ্ক, চিত্ৰকলা, পোষ্টাৰ প্ৰদৰ্শনী প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত শৈক্ষিক প্ৰতিষ্ঠানখনৰ একাডেমীক ডীন ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই ফাৰ্মাচিষ্ট দিৱসৰ মুল বিষয়বস্তু ‘সুষ্ঠ পৃথিৱীৰ বাবে ফাৰ্মাচিষ্ট একত্ৰিত কাৰ্য’ৰ কাৰ্যৰ ওপৰত ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগায়। প্ৰতিষ্ঠানখনৰ সহযোগী অধ্যাপক পূৰ্বজিৎ চেতিয়াই ভাষণ প্ৰদান কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। শেষত প্ৰতিষ্ঠানখনৰ একাডেমীক উপ-পঞ্জীয়ক ড০ অপূৰ্ব তালুকদাৰে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সমাৰণি পৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা