অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী অঙ্গনাই বিগত বৰ্ষৰ দৰে এইবেলিও ১০ জুলাইৰ পৰা আৰম্ভ কৰিছে ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা।১৫ দিনীয়া নাট কৰ্মশালাখন জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজাৰা ৰাজহ চক্ৰ এলেকাৰ ধাৰাপুৰ চাৰিআলিস্থিত ভৱেন ঠাকুৰীয়া কমপ্লেক্সত ১০ জুলাইৰ দিনা শুভ উদ্বোধন কৰা হয় । উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত নৱজ্যোতি নাথ,বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাস ,১নং ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাসে ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। উপস্থিত আছিল।আনহাতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ স্নাতক তথা খানামুখৰ জীয়ৰী উজ্জ্বলা বৰ্মন ( পিংকী) ৰ তত্বাবধানত অনুষ্ঠিত কৰ্মশালাখনত নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ প্ৰায় ৪০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অভিনয়ৰ উপৰিও সংলাপ প্ৰক্ষেপণ, নাট্য খেল, সাধু কথা আৰু গল্প কথন , নৃত্য, সংগীত, যোগাভ্যাস আদি বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰি শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে অহা ২৪ জুলাইত অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠানত এক সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিক্ষাৰ্থী সকলৰ দ্বাৰা এখন নাটকো মঞ্চস্থ কৰা হব বুলি প্ৰশিক্ষিকা উজ্জ্বলা বৰ্মনে জানিবলৈ দিছে ।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত