কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী? এয়া আজিৰ দিনত সবাতোতকৈ চৰ্চিত প্ৰশ্ন। চচিয়েল মিডিয়াতো এই বিষয়ে সৰৱ চৰ্চা চলিছে। ক’ভিড চেন্টাৰ পৰিদৰ্শন কৰাৰ কালত মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ডাঙৰ কথা নহয়, ক’ভিড সংক্ৰমণৰ পৰা জনতাক ৰক্ষা কৰাটোহে আটাইতকৈ ডাঙৰ কথা হৈছে। এতিয়া মুখ্যমন্ত্ৰীক লৈ আলোচনা কৰাতো ডাঙৰ কথা নহয়।দুই এদিনতে সংসদীয় পৰিক্ৰমা ব’ৰ্ডৰ বৈঠক হ’ব আৰু এই বৈঠকেই চুড়ান্ত সিদ্ধান্ত ল’ব।এই সময়ত দায়বদ্ধতাৰে আমাৰ কাম কৰি যাব লাগিব।বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ ভৈয়াম সকলোৰে দৃঢ়তাৰে যুঁজ দিব লাগিব। অসমৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিবই লাগিব। আনহাতে,পুনৰ চৰকাৰ কেতিয়া গঠন হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সোণোৱালে কয় যে,চৰকাৰ হ’ব, নিশ্চিতভাৱে হ’ব, আৰু বেছি দিন নাই। এই মুহূৰ্তত মানৱীয় দায়িত্ব হৈছে ভাইৰাছৰ পৰা ৰক্ষা কৰা।আপোনালোকে সেইটোক লৈ চিন্তা কৰিব নালাগে।
Trending
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি