মুখ্যমন্ত্ৰী গাঁও পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতাত মুখ্যমন্ত্ৰীৰ অংশ গ্ৰহণ

0 211

মহানগৰীৰ পল্টনবজাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ আঞ্চলিক কেন্দ্ৰত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা মুখ্যমন্ত্ৰীৰ গাওঁ পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতা ২০১৯-২০ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত দেওবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰীড়া আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। ক্ৰীড়াক অৱহেলা কৰিলে সমাজখন দুৰ্বল হয়। এই কথা প্ৰতিগৰাকী ব্যক্তিয়ে উপলব্ধি কৰা উচিত।
 
সুধাকণ্ঠৰ এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গন’ শীৰ্ষক গীতৰ উক্তি দাঙি ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে  শান্তিৰ বাবে নিজৰ শৰীৰৰ যত্ন ল’ব লাগিব। ৩৩ খন জিলাৰ পৰা খেলুৱৈ সকলে আন্তৰিকতা, দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ শক্তিশালী কৰাৰ লগতে আনকো অনুপ্ৰাণিত কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলোৱে প্ৰথমস্থান দখলৰ লক্ষ্য স্থিৰ কৰিব লাগিব। যোৰহাটৰ ৫ বছৰীয়া গীতাঞ্জলিক প্ৰশিক্ষণ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে ।অনুষ্ঠানটোত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আৰু সাংসদ কুইন ওজা, লক্ষ্য কোৱৰ, অবিনাশ যোশী ইত্যাদি কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.