মেক ইন আচামৰ অংশীদাৰ হ’ব অসমী

0 397

অসমৰ ৩০০০খন গাৱত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে অসমীয়ে।অসমীৰ যোগেদি ১. ৫লাখ লোক উপকৃত হৈছে।কথাষাৰ একেষাৰতে বুজিবলৈ কঠিন যেন লাগিলেও এয়া সম্ভৱ কৰি তুলিছে অসমীয়ে।কিয়নো অসমৰ গ্ৰাম্য অঞ্চলৰ লোক সকলৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি অসমীয়ে জন্ম লাভ কৰিছিল ।আচলতে অসমী হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বীকৃতিপ্ৰাপ্ত এটা বিত্তীয় প্ৰতিষ্ঠান ।২০১১চনত উদ্যমী শুভ্ৰ জ্যোতি ভৰালীৰ প্ৰয়াসত জন্ম লাভ কৰা প্ৰতিষ্ঠানটোৱে বৰ্তমান সময়ত বন্ধন বেংকক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈ উঠিছে ।উল্লেখযোগ্য যে অসমৰ ২০খন জিলাত অসমীৰ বিভিন্ন শাখা আছে।৩০০যুৱক অসমীত কৰ্মৰত হৈ আছে ।দেশৰ আগশাৰীৰ ৮টা প্ৰধান বেংকৰ লগত অসমী সংযুক্ত হৈ আছে ।অসমীৰ সম্পৰ্কে শুভ্ৰ জ্যোতি ভৰালীয়ে এনেদৰে কয়-অসমীয়ে গ্ৰাম্য অঞ্চলৰ লোকসকলক মূলধন যোগান ধৰে।ইয়াৰ উপৰিও আত্মসহায়ক গোট গঠন কৰি মহিলাসকলৰ সৱলীকৰণৰ সম্পৰ্কে শিকোৱাৰ উপৰিও মিতব্যয়িতা, সজাগতামূলক কাম কাজৰ সম্পৰ্কে অৱগত কৰে।অসমীয়ে১১হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছে ।স্মতৰ্ব্য যে যি সময়ত বৰ্হিৰাজ্যৰ চিট ফাণ্ড কোম্পানীয়ে অসমৰ পৰা কোটি টকা লুট কৰি নিছে, সেই সময়ত অসমীয়ে গ্ৰাম্যাঞ্চলৰ বিকাশৰ বাবে গ্ৰহণ কৰা কাৰ্য্যসূচীয়ে নিসন্দেহে ইতিবাচক বতৰা কঢ়িয়াইছে।

Leave A Reply

Your email address will not be published.