মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত কি ক’লে শিক্ষা মন্ত্ৰীয়ে…

0 295

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত হৈ বিশ্ববিদ্যালয়খনক উন্নত মানদণ্ডৰ বিশ্ববিদ্যালয় হিচাপে গঢ়াৰ প্রতিশ্রুতি প্ৰদান কৰে ।তেওঁ বিশ্ববিদ্যালয়খনত কয়- ‘পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মেট্ৰিক পৰীক্ষাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব আৰু লগতে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো লোৱা হ’ব সিদ্ধান্ত।’ চৰকাৰে দিব লগা চাকৰিৰ সন্দৰ্ভতো শিক্ষামন্ত্রীজনে কয় যে ‘এক লাখ চাকৰিৰ অধিক সংখ্যকেই শিক্ষা বিভাগৰ অধীনত হ’ব নিযুক্তি।’
শিক্ষা বিভাগক পেপাৰলেছ কৰা,ই-টিচিং আৰু ই-লাৰ্নিং ব্যৱস্থা প্রৱৰ্তন কৰাৰ পৰিকল্পনা চলি থকা কথাও শিক্ষা মন্ত্ৰীজনে অৱগত কৰে । আগন্তুক দহ দিনৰ ভিতৰত পৰিত্যক্ত অৱস্থাত পৰি থকা স্কুটীসমূহ বিতৰণ কৰা হ’ব বুলিও শিক্ষা মন্ত্ৰীজনে জনায়।

Leave A Reply

Your email address will not be published.