শ্বহীদ সুখদেৱক স্মৰণ কৰি..

0 245

দেশৰ স্বাধীনতা সংগ্ৰামী তথা শ্বহীদসকলক আজি যি সন্মান দিয়া যায়, সেই একে সন্মানৰ যোগ্য অন্যতম ব্যক্তি হ’ল সুখদেৱ থাপৰ। চমুকৈ সুখদেৱ। স্বাধীনতা সংগ্ৰামৰ পাঞ্জাৱৰ তিনিগৰাকী বিপ্লৱীৰ ভিতৰত সুখদেৱ অন্যতম। ন’কলেও হ’ব যে‌ সুখদেৱৰ অন্যতম সহযোগী আছিল ভগৎ সিং আৰু ৰাজগুৰু।
যি তিনিগৰাকী বিপ্লৱীয়ে এসময়ত দেশৰ স্বাধীনতাৰ বাবে পাঞ্জাবৰ আকাশ বতাহ কপাই তুলিছিল। ১৯০৭ চনৰ আজিৰ দিনটোতেই সুখদেৱ ৰামলাল থাপৰ আৰু ৰেলী দেৱীৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল। অৱশ্যে সুখদেৱ জন্ম হোৱাৰ তিনি বছৰৰ পিছত পিতাকৰ মৃত্যু হৈছিল। বৰদেউতাকৰ তত্বাৱধানত সুখদেৱৰ জীৱনৰ আদিপাঠ আৰম্ভ হৈছিল। সুখদেৱৰ বৰদেউতাক আছিল “সনাতন ধৰ্মী”। সেয়ে সৰুৰে পৰা সুখদেৱে বৰদেউতাকৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কোৱা হয় জীৱনৰ প্ৰথম পাঠশালা‌ ঘৰখন। সেয়েহে সনাতন ধৰ্মৰ স্কুলৰ পৰা সুখদেৱে শিক্ষা জীৱন আৰম্ভ কৰিছিল। তেতিয়া সুখদেৱৰ বয়স ১২ বছৰ আছিল। জালিয়ানবাগৰ হত্যা কাণ্ডই তেওঁক ব্যথিত কৰিছিল। আবাল বৃদ্ধ বনিতাৰ মৃতদেহৰ দ’ম দেখি সুখদেৱে নকৈ ভাবিবলৈ শিকাইছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি যেতিয়া নেচনেল কলেজত পঢ়িছিল। সেইসময়ত ভগৎ সিংক লগ পাই দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ হৈছিল। আৰু ইয়াৰ পিছতে Hindustan Socialist republic association ৰ লগত জৰিত হৈ পৰিছিল। পৰৱৰ্তী সময়ত লালা ৰাজপট ৰায়ৰ সংস্পৰ্শত আহি প্ৰত্যক্ষভাৱে সংগ্ৰামী হিচাপে আত্মপ্ৰকাশ কৰে।
বিশেষকৈ ভগৎ সিংৰ লগতহে বিভিন্ন পৰিকল্পনা আৰু পৰিযোজনা কৰে আৰু পৰবৰ্তী সময়ত লাহোৰৰ Central Assemblyত বোম দিয়াৰ অপৰাধত জেলত বন্দী কৰি ৰাখে। জেলত থকা সময়ছোৱা সুখদেৱে মহাত্মা গান্ধীলৈ কেইবাখনো পত্ৰ লিখিছিল। তাৰ ভিতৰত এখন পত্ৰত এনেদৰে লিখিছিল দেশবাসীয়ে তেওঁলোকক অপৰাধী বুলি ক’লে যিমান দুখ পাব তাতোকৈ অধিক দুখ পাব তেওঁলোকক ফাঁচীৰ বাবে আদেশ দিলে। বিশেষকৈ ভাৰতীয় কয়দীসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহাত্মা গান্ধীলৈ পত্ৰ লিখি অনুৰোধ কৰিছিল।
সেয়া যিয়েই নহওঁক অৱশেষত ভগৎ সিং আৰু ৰাজগুৰুৰ লগত সৈতে সুখদেৱ ১৯৩১ চনৰ ২৩ মাৰ্চত দেশৰ বাবে শ্বহীদ হয়। সুখদেৱৰ জীৱন পৰিক্ৰমা সদায়েই প্ৰতিজন ভাৰতীয়ৰ বাবে অমৰ হৈ ৰ`ব। সুখদেৱৰ ত্যাগ আৰু সাহস প্ৰতিজন‌ ভাৰতীয়ই বাবেই চিৰদিন স্মৰণ কৰিব।

Leave A Reply

Your email address will not be published.