মৰিগাও জিলাৰ অধিকাংশ লোকক ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াই তোলা হৈছে

0 211

সাম্প্ৰতিক সময়ছোৱাত সমগ্ৰ বিশ্বব্যাপী মহামাৰী ক’ৰণা ভাইৰাছে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। এই আতংক দৈনিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বৰ্দ্ধিত হাৰত বৃদ্ধি পাইছে ক’ভিড১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা।
 
 
ক’ৰণা মহামাৰীয়ে তাণ্ডৱ চলাই থকাৰ সময়তে এই বিপদজ্জনক পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ অসমৰ মৰিগাঁও জিলাৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। দেশ তথা ৰাজ্যৰ সৰ্বসাধাৰণ লোকসকলৰ মাজত অধিক পৰিমাণৰ সজাগতা বৃদ্ধি কৰা আৰু ক’ৰণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে হোমিওপেথিক চিকিৎসাৰ জৰিয়তে গ্ৰহণ কৰা বিশেষ পদক্ষেপক মৰিগাও জিলাৰ জনসাধাৰণে চিকিৎসক গৰাকীক উচ্চ প্ৰশংসা কৰিছে।
আনহাতে দেশৰ স্বাস্থ্য সংস্থাই ইতিমধ্যে ক’ৰণাৰ প্ৰতিৰোধ আৰু হোমিওপেথিকৰ চিকিৎসা সম্পৰ্কত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। সমান্তৰালভাৱে দেশৰ উচ্চ স্বাস্থ্য সংস্থা আয়ুসৰ সঞ্চালক ডাঃ ৱাই লুখৈ সিঙে হোমিওপেথিকৰ চিকিৎসাক বিশেষ অগ্ৰাধিকাৰ দিছে। উল্লেখযোগ্য যে দুয়োগৰাকীয়ে আৰ্চেনিকাম এলবাম ৩০ নামৰ ঔষধটো ব্যৱহাৰৰ কাৰণে জনসাধাৰণলৈ পৰামৰ্শ আগবঢ়াইছে। জানিব পৰা মতে আৰ্চেনিকাম এলবাম ৩০ নামৰ এই বিশেষ ঔষধটোৰ প্ৰধান বিশেষত্ব হৈছে যে এই ঔষধটোৱে যিকোনো ৰোগৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই ঔষধটোত কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নাই যাৰ কাৰণে সকলো লোকেই এই ঔষধটো সেৱন কৰিব পাৰে। যিহেতু বৰ্তমানলৈকে সমগ্ৰ বিশ্ব তথা দেশতে মহামাৰী ক’ৰণা ভাইৰাছৰ কোনো ধৰণৰ প্ৰতিষেধক আবিস্কাৰ হোৱা নাই সেয়েহে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰোৱাৰ প্ৰয়াস কৰা হয়।
ইয়াৰ বাবে দেশৰ উচ্চ স্বাস্থ্য সংস্থা আয়ুসে দিয়া এক পৰামৰ্শৰ ভিত্তিত অসমৰ মৰিগাঁৱ জিলাৰ হোমিওপেথিক বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে মৰিগাও জিলাৰ জনসাধাৰণক এই ক’ৰণা মহামাৰীৰ পৰাই সুৰক্ষিত কৰাৰ কাৰণেই এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে যোৱা ৭ফেব্ৰুৱাৰীৰ পৰাই মৰিগাওঁৰ ন-ভেটিত থকা ডাঃ ৰঞ্জিত হোমিও ক্লিনিকৰ পৰাই বিভিন্নধৰণৰ স্বেচ্ছাসেৱী অনুষ্ঠান সমূহৰ জৰিয়তে গাৱৰ সৰ্বসাধাৰণ লোকসকল উপকৃত হ’ব পৰাকৈ এই ঔষধটো বিতৰণ কৰি অহা হৈছে। সাম্প্ৰতিক সময়ত সমগ্ৰ দেশত লকডাউন চলি থকাৰ কাৰণে সৰ্বসাধাৰণ লোক সকলৰ মাজত তীব্ৰ অৰ্থ সংকটৰ সৃষ্টি হৈছে। এই সংকটৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি মৰিগাঁও জিলাৰ জিলা প্ৰশাসনে ইতিমধ্যে স্বাস্থ্য বিভাগৰ অনুমোদন গ্ৰহণ কৰে। ইয়াৰ কাৰণে মৰিগাও জিলাৰ হিন্দু জাগৰণ মঞ্চ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গ্ৰাম্য পুথিভঁৰাল সন্থা, মৰিগাও জিলা সাংবাদিক সংস্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিকে আদি কৰি বিভিনধৰণৰ দল আৰু সংগঠন সমূহ আৰু ,স্বেচ্ছাসেৱী অনুষ্ঠান সমূহে সাধাৰণ লোকৰ মাজত এই ঔষধটো বিতৰণ কৰে। আনহাতে উল্লেখ্য যে হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত দাসে আজি ৪০ হাজাৰ ঔষধ মৰিগাও জিলা সমাজ কল্যাণ বিভাগৰ হাতত অৰ্পণ কৰে।
উল্লেখ্য যে সমাজ কল্যাণ বিভাগৰ কৰ্মীসকল আৰু সহায়িকা সকলৰ জৰিয়তে যাতে সৰ্বসাধাৰণ লোকসকলৰ মাজত ঔষধটো সহজতে উপলব্ধ হয় সেয়াও ব্যৱস্থা কৰা হয়। এই লক্ষ্য আগত ৰাখি লৈ মৰিগাও জিলাৰ জিলা সমাজ কল্যাণ বিষয়া দেৱজিত বৰা, ভূৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া সন্তোষ কুটুম, লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া বিদ্যুত হাজৰিকা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক জিতুমনি নাথ, মেডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকাকে আদি কৰি বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিৰ সময়ছোৱাতে এই ঔষধ সমূহ প্ৰদান কৰা হয়।
আনহাতে এই ঔষধটো সেৱনৰ সন্দৰ্ভত ডাঃ ৰঞ্জিত কুমাৰ নাথৰ মন্তব্য যে এই ঔষধটো যিসকলে সেৱন কৰিব বিচাৰে সেইসকল ব্যক্তিয়ে একেৰাহে তিনি দিন আহাৰ গ্ৰহণৰ আগত সেৱন কৰিব লাগিব। সমান্তৰালভাৱে তাৎপৰ্য্যপূৰ্ণ বিষয়টো হ’ল এইয়ে যে মৰিগাঁৱৰ এইগৰাকী বিশিষ্ট হোমিওপেথিক বিভাগৰ চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে হোমিওপেথিকৰ চিকিৎসাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা বাবে আন্তঃ ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

Leave A Reply

Your email address will not be published.