ক’ৰণাত আক্ৰান্ত ৰোগী নাই তিনিচুকীয়া জিলাত, স্বাস্থ্য বিভাগে স্পষ্ট কৰিলে

0 214

সমগ্ৰ বিশ্বৰ লগতে  ৰাজ্যতো মহামাৰী ক’ৰণাই চলাই থকা তাণ্ডৱৰ সমান্তৰালকৈ অসমবাসীৰ বাবে আহিছে এক ভাল খবৰ। ইতিপূৰ্বে ৰাজ্যৰ প্ৰায়কেইখন জিলাই ক’ৰণাত আক্ৰান্ত হৈ আছে। অসমবাসীৰ বাবে অহা ভাল খবৰটো এয়ে যে অসমৰ তিনিচুকীয়া জিলা খনত বৰ্তমান সময় পৰ্য্যন্ত  ক’ৰণা মহামাৰীত আক্ৰান্ত এজনো ৰোগী নাই।
 
ইতিমধ্যে এই কথা আজি তিনিচুকীয়া জিলাৰ স্বাস্থ্য বিভাগে স্পষ্ট কৰিছে। লক্ষণীয় যে ইতিপূৰ্বে অসমৰ তিনিচুকীয়া জিলাতো ক’ৰণাত আক্ৰান্ত হোৱা ৰোগী ওলাইছে বুলি কিছুদিন ধৰি এক অপপ্ৰচাৰ চলি আছিল। এই অপপ্ৰচাৰ চলি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ স্বাস্থ্য বিভাগে এই কথা সদৰী কৰে।
 
ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুকলি কৰি দিয়া অসম আৰোগ্য সেতু এই এপটোৰ জৰিয়তে জিলাখনৰ ভিতৰত মাত্ৰ এগৰাকী এই ক’ভিড১৯ৰ দ্বাৰা আক্ৰান্ত ৰোগী থকা বুলি উল্লেখ থকা বিষয়টোকো আজি স্পষ্ট কৰি দিয়ে জিলাখনৰ স্বাস্থ্য বিভাগে। বিভাগটোৰ তৰফৰ পৰা জনায় যে জিলাখনত কোনো ধৰণৰ ক’ভিড১৯ত আক্ৰান্ত এগৰাকীও ৰোগী এতিয়ালৈকে ওলোৱা নাই।
 
 
যিগৰাকী ওলাইছিল সেয়া ভুলবশতঃ ভাৱে অন্তৰ্ভুক্ত হ’ব পাৰে বুলি ধাৰণা কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে। উল্লেখ্য যে মহামাৰী ক’ৰণা প্ৰতিৰোধৰ বাবে তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগে ২৪ ঘণ্টাই জিলাখনৰ জনসাধাৰণৰ বাবে সেৱা আগবঢ়াই গৈছে।

Leave A Reply

Your email address will not be published.