যোৰহাটত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষন আয়োগৰ দল

0 222

যোৰহাটত যোৱা ২১ জুলাইত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষন আয়োগৰ এটা দল উপস্থিত হৈ তিতাবৰৰ কমলাবাৰী সত্ৰ,ভোগপুৰ সত্ৰ আৰু কৰটিপাৰ সত্ৰ পৰিদৰ্শন কৰি সত্ৰসমূহৰ সুবিধা অসুবিধাৰ সন্দৰ্ভত বুজ লয়৷আয়োগৰ অধ্যক্ষ তথা আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত আয়োগৰ সদস্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে সদস্য সচিব প্ৰদীপ চন্দ্ৰ শৰ্মাৰ, যোৰহাটলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ অহা দলটোৱে সত্ৰ পৰিদৰ্শনৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ উপস্থিতিত সত্ৰসমূহৰ উন্নয়ন সম্পৰ্কত এখন আলোচনা সভাত অংশ গ্ৰহণ কৰে৷

সত্ৰসমূহৰ সুবিধা অসুবিধা,ইতিহাস,ভূমি বেদখল সম্পৰ্কীয় সমস্যা,আৰ্থিক সমস্যা, মাটি-বাৰী আদি বিষয়ে সভাত বিষদভাৱে আলোচনা কৰা হয়৷ উক্ত সভাত যোৰহাট জিলাৰ সকলো সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকি নিজ নিজ সত্ৰৰ সুবিধা অসুবিধা সম্পৰ্কে আয়োগক অৱগত কৰে৷সভাত অতিৰিক্ত উপায়ুক্ত( ৰাজহ) সত্যজিৎ চেতীয়া, চক্ৰবিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

আনহাতে, আয়োগৰ দলটো আজি ২২ জুলাই তাৰিখে নতুন দক্ষিনপাট সত্ৰ, মায়ামৰা পুৰণিমাটি সত্ৰ,জলপুৰীয়া সত্ৰ,শ্ৰৱণী সত্ৰকে ধৰি যোৰহাটৰ কেইবাখনো সত্ৰ পৰিদৰ্শন কৰি সুবিধা অসুবিধাৰ বুজ লৈ পিছবেলা গুৱাহাটীলৈ ৰাওনা হয়৷উক্ত দুদিনীয়া ভ্ৰমণসূচীত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষন আয়োগৰ দলটোক পূব ৰাজহ চক্ৰ বিষয়া( সংলগ্ন) ভাস্কৰ জ্যোতি তালুকদাৰে প্ৰট’কল বিষয়া হিচাপে সংগ দি সহায় কৰে৷

Leave A Reply

Your email address will not be published.