সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ একালৰ কৰ্মভূমি ওড়িশাৰ সম্বলপুৰত থকা ঐতিহ্যবাহী বাসভৱন চৌহদৰ পুৰণি বাস ভৱনটোৰ ঐতিহ্য অটুত ৰাখি পুনৰ নিৰ্মাণ কৰা সাধনাগৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ হৈছে। গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু ওড়িশা চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে। এই মন্তব্য সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা, বিশিষ্ট সাংবাদিক আৰু সম্বলপুৰ প্ৰেছ ক্লাবৰ সভাপতি দীপক কুমাৰ পাণ্ডাৰ। আজি আবেলি গুৱাহাটী প্ৰেছ ক্লাবত সমিতিৰ উদ্যোগত অনুষ্ঠিত এক সংবাদ মেলত ভাগ লৈ এই মন্তব্য কৰে দীপক কুমাৰ পাণ্ডাই। সংবাদ মেলত দীপক কুমাৰ পাণ্ডাই কয় সম্বলপুৰৰ সাহিত্যৰথীৰ ঐতিহ্যবাহী বাসভৱনটোৱে অসম আৰু ওড়িশাৰ মাজত পাৰম্পৰিক সম্পৰ্কৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিব। ২০১৭ চনত সাহিত্যৰথীৰ স্মৃতি বিজড়িত বাসভৱনটো সংৰক্ষণৰ বাবে গঠন কৰা স্মৃতি ৰক্ষা সমিতিয়ে অসম আৰু ওড়িশা চৰকাৰ উভয়কে বাসভৱনটো সংৰক্ষণৰ বাবে আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি দুয়োখন ৰাজ্য চৰকাৰে ইতিবাচক সঁহাৰি দিছিল। ২০১৯-২০ চনত বাসগৃহ চৌহদ পুনৰ নিৰ্ধাৰণৰ বাবে ওড়িশা চৰকাৰে ৫৫ লাখ টকা আৰু অসম চৰকাৰে ৫০ লাখ আগবঢ়ায়। ক’ভিড কেন্দ্রিক পৰিস্থিতি আৰু প্ৰবল বৰষুণৰ বাবে পুনৰ নিৰ্মাণৰ কাম দুটা বছৰ পিছুৱাই যায় যদিও প্রায় ৭৯.৬৬ লাখ টকা ব্যয়ৰে সাধনা গৃহৰ নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ হয়। ২০৩৭ বৰ্গফুটৰ চাৰিটা কোঠালীৰ গৃহটোৰ প্ৰথমটো কোঠাত সাহিত্যৰথীৰ এটা আবক্ষ মূৰ্তি, দ্বিতীয়টোত এটা গ্রন্থাগাৰ, তৃতীয়টোত এটা সভাগৃহ আৰু চতুৰ্থটোত এটা কাৰ্যালয় স্থাপন কৰা হৈছে। কিন্তু ঐতিহ্যবাহী বাসভবন চৌহদৰ মাজেৰে মহানদী সংযোগী দলঙকে ধৰি তিনিটা পথ নিৰ্মাণ কৰিবলগীয়া হোৱা বাবে এতিয়া বিপৰীত দিশত ৰৈ যোৱা মাটিখিনিত ৪,৭৩৬ বৰ্গফুটৰ বাসভৱনটো নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াত প্রায় এক কোটি টকাৰ প্ৰয়োজন হ’ব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৪৭ লাখ টকাৰ অনুদান আগবঢ়াব বুলি জানিব পাৰিছো আৰু ইয়াৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। আনহাতে প্রস্তাবিত বাসভবনটোৰ লগতে নৱনির্মিত সাধনা গৃহটোৰ সন্মুখত সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ওড়িশা পৰ্যটন উন্নয়ন নিগমে সম্বলপুৰ জিলা প্ৰশাসনৰ সহযোগত আঁচনি গ্ৰহণ কৰিছে বুলি দীপক কুমাৰ পাণ্ডাই সদৰি কৰে । সমিতিৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা মণি মহন্তই আঁত ধৰা সংবাদ মেলখনত সমিতিৰ সভাপতি প্রদ্যুৎ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক ৰণ্ট ডেকা, সহকাৰী সম্পাদক কমলেন্দ্ৰ ভৰালী, সাংস্কৃতিক সম্পাদক গোপাল জালানকে ধৰি কেবাজনো কর্মকর্তা উপস্থিত থাকে।
Trending
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach