লখিমপুৰ জিলা  কৃষি বিভাগৰ পথাৰ দিৱস পালন

0 495

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ থলুৱা কৃষিজীৱী  ৰাইজৰ শ্ৰমৰ যথোচিত মূল্য আদায়ৰ ক্ষেত্ৰত কৃষি বিভাগৰ প্ৰণালীবদ্ধ দিহা পৰামৰ্শ প্ৰদানেৰে শুক্ৰবাৰে  ঢকুৱাখনা মহকুমাত “পথাৰ দিৱস”টো উদযাপন কৰা হয় । কৃষি নিৰ্ভৰ মহকুমাটোৰ অৰ্ধ শতাধিক চহাৰ উপস্থিতিত   সাপতিয়া গাঁওৰ কৃষিভূমিত এই দিৱসটো উদযাপন কৰা হয়। লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত  অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)  আৰু আন্তঃৰাষ্ট্ৰীয়  কৃষি গৱেষণা কেন্দ্ৰ আৰু সৰিয়হ গৱেষণা সঞ্চালকালয় অভিকৰণৰ সহযোগত  ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ সাপতিয়া  গাঁওৰ সৰিয়হ খেতিৰ পথাৰত এই দিৱসটো ব্যতিক্ৰমি ভাবে উদযাপন কৰা হয় । ঢকুৱাখনা কৃষি খণ্ডৰ কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰা আৰু কৃষি প্ৰযুক্তি প্ৰবন্ধক বিজয় দত্তই আঁত ধৰা এই মনোজ্ঞ অনুষ্ঠানত  আই চি এ আৰ  ,দি আৰ এম আৰ – এপাৰ্ট আঁচনিৰ কৃষি বিজ্ঞানী ডঃ গিৰিন্দ্ৰ নাথ হাজৰিকা , সহকাৰী গৱেষক ডঃ জ্বলি দত্ত , উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়া  তথা জিলা নডেল বিষয়া গণেশ লাহন , ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম ডেকা  আদি বহুকেইগৰাকী বিশিষ্ট কৃষি বিশেষজ্ঞ উপস্থিত থাকে।  অঞ্চলটোৰ প্ৰায় ৬০ গৰাকী কৃষক উপস্থিত থকা  “পথাৰ দিৱস”ৰ অনুষ্ঠানত কিদৰে পতিত আৱাদী মাটিত  ওখ জাতৰ আৰু চাপৰ জাতৰ  সৰিয়হৰ বীজ সিঁচি প্ৰচুৰ উৎপাদন লাভ কৰিবলৈ সক্ষম  হব পাৰি তাৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰে । তাৰোপৰি সভাত উপস্থিত থলুৱা কৃষক সকলৰ সৈতে কৃষি ক্ষেত্ৰত সন্মুখীন হোৱা  অভাৱ সমস্যাৰ  সন্দৰ্ভত মতবিনিময় কৰি কৃষি বিভাগৰ শীর্ষ বিষয়া সকলে  প্ৰায়োগিক দিয়া পৰামৰ্শ প্ৰদান কৰে । উল্লেখ্য যে পূৰ্বে  এই আঁচনিৰ জৰিয়তে লখিমপুৰ জিলা খনৰ ৪ টা উন্নয়ন খণ্ডৰ অধীনৰ কৃষক সকলক  প্ৰচুৰ  উৎপাদনক্ষম ওখ জাতৰ এন আৰ চি -এইছ বি ১০১ , পি এম -২৮ আৰু  ডি আৰ এম আৰ -১৫০- ৩৫ আৰু চাপৰ জাতৰ টি এছ ৩৮ ৰ বীজ বিতৰণ কৰাৰ সমান্তৰাল ভাৱে এনে উন্নত জাতৰ বীজ প্ৰয়োগ কৰি কিদৰে সীমিত কৃষি ভূমিত প্ৰচুৰ পৰিমাণৰ  ফচল  বিজ্ঞানসন্মত  পদ্ধতিৰে উৎপাদন কৰিব পাৰি তাৰো প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰিছিল কৃষি বিভাগে । জিলা কৃষি বিভাগৰ এনে সময়োপযোগী পদক্ষেপ আৰু বিভাগীয় কার্যলয়ৰ পৰিবৰ্তে কৃষকৰ মাজলৈ দিৱসটো উদযাপনৰ বাবে চহা ৰাইজে জিলা কৃষি বিভাগৰ শলাগ লয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.