শান্তি আৰু সমন্বয়ৰ বাণীৰে নগাঁৱৰ জাজৰিত সমূহীয়া নামাজ

0 259

আজি পবিত্র ঈদ-উজ-জোহা। ইছলাম ধৰ্মীয় লোক সকলৰ মহা আনন্দৰ উৎসৱ। সমগ্ৰ বিশ্বৰ লগতে নগাঁৱৰ নিকটৱৰ্টী বৃহত্তৰ জাজৰি মুছলমান গাঁৱৰ ৰাইজে অতি উলহ-মালহেৰে পালন কৰিছে পবিত্র ঈদ। জাজৰি আঞ্চলিক ঈদগাহ পথাৰত আজি পুৱাৰে পৰা এক বিশাল আয়োজন। উল্লেখ্য যে বৃহত্তৰ জাজৰি অঞ্চলৰ সকলো ইছলাম ধৰ্মীয় লোক একত্রিত হৈ এই আঞ্চলিক ঈদগাহত পবিত্র ঈদৰ নামাজ আদায় কৰে। নামাজৰ শেষত আঞ্চলিক ঈদগাহ সমিতিৰ সম্পাদক ইমদাদুৰ ইছলাম আৰু বিশিষ্ট সমাজকৰ্মী আবুল খায়েৰ আহমেদে অসমৰ মূউখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজলৈ পবিত্র ঈদৰ শুভেচ্ছা জনাইছে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈ।

Leave A Reply

Your email address will not be published.