শনিবাৰে মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত আৰ. বি. প্ৰডাকচনৰ বেনাৰত ৰজনী বৰ্মন (ৰাজ)ৰ পৰিচালনাত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ ট্ৰেইলাৰ শুভমুক্তি দিয়া হয়৷ আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা, নৰ্থ-ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি৷ চলচ্চিত্ৰখনৰ কাহিনী-চিত্ৰনাট্য ৰজনী বৰ্মন (ৰাজ)ৰ, প্ৰযোজনা কৰিছে মনিষ আগৰৱালাই৷ সহযোগী প্ৰযোজক গণেশ প্ৰসাদ, টুনটুন শইকীয়া বৰ্মন, গোবিন চন্দ্ৰ বড়ো৷ ছবিখনিত অভিনয় কৰিছে ক্ৰমে– নিপন গোস্বামী, মৃদুল ভূঞা, চম্পক শৰ্মা, ৰীণা বৰা, অতুল পাচনী, ভ্ৰান্তি মেধি, বিবেক বৰা, মুনমী ফুকন, পল ফুকন, ড॰ আলখ্য বৰুৱা, জুনজুন বৰা, চিৰঞ্জীত বৰা, দোলা পাল, অমূল্য কুমাৰ, ৰমেন তামুলী, বাব্লী বৰা, যতীন খনিকৰ, জয়ন্ত দাস, কবিতা চুতিয়া, লিকুমা শৰ্মা, টুনটুন শইকীয়া বৰ্মন, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, তপন শইকীয়া, প্ৰকাশ মেধি, তৰুণ বৰা আৰু বহুতো ন-পুৰণি শিল্পীৰ লগতে শিশু শিল্পী শ্ৰেয়া, অদিতি নন্দিনী আৰু নিশান৷ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে চনু ডেকা আৰু ধৰ্ম থাপা৷ সংগীত পৰিচালনা অজয় ফুকন, গৌতম শৰ্মা, মৃণাল বৈষ্ণৱ৷ সংগীত ব্যৱস্থাপনা শেখৰজ্যোতি গোস্বামী আৰু সুদৰ্শন বৰকটকী৷ ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, নীল আকাশস, দীপলিনা ডেকা আৰু ৰিটিশাই৷ আৱহ সংগীত অজয় ফুকন, ছাউণ্ড ডিজাইনাৰ অনুপ মুখাৰ্জী (মুম্বাই)৷ পুণঃশব্দ সংযোজন কৰিছে দীপক কুমাৰ দত্ত আৰু বাবুল দাসে৷ সম্পাদনা আৰু ডি.আই কৰিছে শ্যামল দাসে৷ সমৰকলা নিৰ্দেশনা আৰ. কে. শ্ৰী আৰু দাক্ষিণাত্যৰ একশ্বন গ্ৰুপে৷ নৃত্য নিৰ্দেশনা কৰিছে দীপক দে, অসীম গগৈ, শশীন বৰুৱাই৷ ভি. এফ. এক্স কৰিছে মৃগাংক পাৰ্তিক পৰাশৰ৷ ৰূপসজ্জা ৰুমী গোস্বামী, মিনতি ডেকা আৰু পিযু শৰ্মাৰ৷ উল্লেখ্য যে অহা ২৮ অক্টোবৰত ছবিখনি চিত্ৰগৃহলৈ আহিব বুলি প্ৰযোজকে জানিবলৈ দিছে৷
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ