শিক্ষাৰ প্ৰসাৰ ঘটোৱাত ব্যস্ত এদল যুৱক যুৱতী

0 278

WhatsApp Image 2018-03-18 at 5.56.06 PM

ভোগবাদী সমাজ ব্যৱস্থাত আমি প্ৰত্যেকজনেই স্বাৰ্থৰ পিছত দৌৰো। স্বাৰ্থৰ অবিহনে ইজনে সিজনক সহায় নকৰো। বাৰ্তালাপ নকৰো। এনে মানসিকতা পৰিহাৰ দুখন গাঁৱৰ কিছুসংখ্যক যুৱক যুৱতীয়ে শিক্ষাক প্ৰসাৰ ঘটাব চেষ্টা কৰিছে। অসমীয়াত এষাৰ কথা আছে বাটি খালে আঁটি যায়। শিক্ষা অথবা জ্ঞান হ’ল এনে এবিধ সম্পদ, যিমানেই বিলাই দিয়া হয়,  সিমানেই জ্ঞানৰ আলোক বৃদ্ধি পায়। এনে মানসিকতাকে সৰোগত কৰি তিতাবৰৰ বান্দৰ চলিয়া, লহং বেবেজিয়া নামৰ গাঁও দুখনৰ কেইজনমান শিক্ষিত যুৱক যুৱতীয়ে কণ কণ ছাত্ৰ – ছাত্ৰীক পাঠদান কৰা বাতৰিয়ে জনমানসত ইতিবাচক প্ৰভাৱ পেলাইছে।

WhatsApp Image 2018-03-18 at 5.56.04 PM

উল্লেখযোগ্য যে নকৈ নিৰ্দ্ধাৰণ হোৱা চৰকাৰী নিৰ্দেশনা অনুসৰি কম ছাত্ৰ – ছাত্ৰী থকা বিদ্যালয় সমূহৰ নাম আনুষ্ঠানিক ভাৱে কৰ্তন হৈছে। যাৰ ফলস্বৰূপে এতিয়াও সেই নাম কৰ্তন হোৱা বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলে বিদ্যালয় খন বাদ দিব পৰা নাই। সেয়েহে একাংশ গাঁৱৰ শিক্ষিত যুৱক যুৱতীয়ে পাঠদান কৰিছে। এনে খবৰে সচেতন মহলক আনন্দিত কৰি তুলিছে। এনে ধৰণৰ ইতিবাচক খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus. com.

                 সহযোগ কৰিলে

চিত্তকমল বেজবৰা

                           তিতাবৰ

Leave A Reply

Your email address will not be published.