অসম চৰকাৰৰ শিক্ষা ,ভৈয়াম জনজাতি আৰু অন্যান্য পিছ পৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে জনতা ভৱনৰ তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা বিভাগৰ অধীনত আয়োজিত এক অনুষ্ঠানত অসম লোক সেৱা আয়োগৰ দ্বাৰা বাচনিকৃত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় ১২ গৰাকী সহকাৰী অধ্যাপকক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।উল্লেখযোগ্য যে ইয়াৰে ভিতৰত ইংৰাজী বিভাগৰ ২ গৰাকী,প্রাণী বিজ্ঞানৰ ৩ গৰাকী, কম্পিউটাৰ বিজ্ঞানৰ ১ গৰাকী, ৰাজনীতি বিজ্ঞানৰ ২ গৰাকী,অৰ্থনীতি, বড়ো ,অসমীয়া আৰু পদাৰ্থ বিজ্ঞানৰ ১ এগৰাকীকৈ অধ্যাপকক নিযুক্ত পত্ৰ প্রদান কৰা হয়।মন্ত্ৰী গৰাকীয়ে নৱ নিযুক্ত অধ্যাপক সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোক সকলে নিজ কৰ্মস্থানত দায়িত্ব সহকাৰে আৰু নিয়াৰিকৈ কাম কৰি যাবলৈ কয়।আজিৰ এই অনুষ্ঠানত হস্ততাত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নন,সঞ্চালক ধর্ম কান্ত মিলি প্ৰমুখ্যে বিভাগীয় বিষয়া সকল উপস্থিত থাকে।
Trending
- ৰূপহীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন শিল্পী মিলেশ্বৰ ডেকালৈ লোকশিল্পী -২০২৫ বঁটা প্ৰদান
- অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ ++ চিমেন্ট মুকলি
- এন ই ফ’কাছৰ পদক্ষেপ, গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন
- DoHUA Minister Jayanta Mallabaruah Launches Online Building Permission System (OBPS) for Faster and Transparent Approvals
- সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- Nefocus initiative:climate change summit Held in Guwahati
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা