শিশু শ্ৰম ৰোধৰ সজাগতা সভা সম্পন্ন

0 258

অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পৃষ্ঠপোষকতাত জিলা শিশু সুৰক্ষা কাৰ্য্যালয়ৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত আজি স্থানীয় দৰবাৰ ৰোড তিনিআলি স্থিত তৰুণ সংঘ ৰিডিং ক্লাৱত এক সজাগতা সভা অনুষ্ঠিত হয়।অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে কয় যে, আমি যিদৰে নিজৰ সন্তানৰ সুৰক্ষা আৰু ভৱিষ্যতৰ প্ৰতি দায়িত্বশীল, তেনেদৰে সমাজৰ সকলো শিশুৰ প্ৰতিও আমাৰ কৰণীয় আছে। আজিৰ সাম্প্ৰতিক প্ৰেক্ষাপটত প্ৰতিটো শিশুৰ শিক্ষা, স্বাস্থ্য আৰু নিৰাপত্তা নিশ্চিত কৰা ক্ষেত্ৰত আমাৰ ভূমিকা গ্ৰহণৰ প্ৰয়োজনীয়তা আজি বুলিও তেওঁ মন্তব্য কৰে। সমাজত বৃদ্ধি পোৱা শিশু শ্ৰমৰ বাবে এনে শ্রমত নিয়োগকৰ্তাৰ লগতে পৰিয়াল আৰু শিশুৱে এনে শ্ৰমত নিয়োজিত হৈ থকা প্ৰত্যক্ষ কৰি থকা সকলৰো এই দিশত নিতান্তই আত্মবিশ্লেষণৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে ৰাইজক শিশু শ্ৰম সম্পূৰ্ণ নিৰ্মূল কৰাৰ ক্ষেত্ৰত সচেতন আৰু সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ অৱগত কৰে যে, শিৱসাগৰ জিলাত অচিৰেই চাইল্ড লাইন সেৱা আৰম্ভ হ’ব যাৰ সহায়ত শিশু শ্ৰম ৰোধত পূৰ্বতকৈ অধিক ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ সম্ভৱপৰ হৈ উঠিব। আজিৰ সভাত অংশগ্ৰহণ কৰি জিলা উন্নয়ন আয়ুক্ত জোনমনি সোনোৱালে শিশু শ্ৰম ৰোধৰ ক্ষেত্ৰত থকা বিভাগীয় কাৰ্যপ্ৰণালী আৰু আইনী ব্যৱস্থাৱলীৰ সম্পৰ্কে চমু আভাস দাঙি ধৰে। জিলাখনত শিশু শ্ৰম ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা শেহতীয়া পদক্ষেপ সমূহৰ কথা উল্লেখ কৰি তেওঁ সংশ্লিষ্ট সকলো বিভাগৰ বিষয়-ববীয়াসকলক ভৱিষ্যতেওঁ অধিক ক্ষিপ্ৰতাৰে আৰু কাৰ্য্যকৰীভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।সভাত সহকাৰী আয়ুক্ত তথা জিলা টাস্ক ফৰ্চৰ নডেল বিষয়া গৌৰীপ্ৰিয়া দেউৰী, শিৱসাগৰ পৌৰ নিগমৰ কাৰ্য্যকৰী বিষয়া ঋতুৰাজ বৰদলৈ, সহকাৰী শ্ৰম আয়ুক্ত হিতেশ্বৰ ৰয়, শ্ৰম বিষয়া অভিনন্দন বৰঠাকুৰ আৰু শিশু উন্নয়ন প্রকল্প বিষয়া মনালিছা শৰ্মাকে আদি কৰি আশাকৰ্মী, আঙনৱাডী কৰ্মী, জিলা প্ৰশাসনৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া- কৰ্মচাৰীও উপস্থিত থাকে।

খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে 

Leave A Reply

Your email address will not be published.