শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা পোষণ মাহ- ২০২১ আৰু মাত্ৰু বন্দনা সপ্তাহ- ২০২১ ৰ শুভাৰম্ভ

0 241

সমগ্র ৰাজ্যৰ লগতে আজি শিৱসাগৰ জিলাতো পোষণ মাহ- ২০২১ আৰু মাত্ৰু বন্দনা সপ্তাহ- ২০২১ উদযাপনৰ শুভাৰম্ভ কৰা হয়। জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালে বন্তি প্ৰজ্বলনেৰে ১ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে উদযাপন কৰিবলগীয়া পোষণ মাহ- ২০২১ আৰু ১ ৰ পৰা ৭ ছেপ্টেম্বৰলৈকে উদযাপন কৰিবলগীয়া মাত্ৰু বন্দনা সপ্তাহ- ২০২১ ৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে।
দুয়োটা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উপায়ুক্ত মেঘ নিধি দাহালে জিলাখনৰ শিশু, কিশোৰ-কিশোৰী তথা গৰ্ভৱতী মাতৃৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে পুষ্টিকৰ খাদ্য গ্ৰহণৰ বিষয়ে ব্যাপক সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। এখন শক্তিশালী দেশৰ ভেঁটি নিৰ্মাণৰ বাবে দেশৰ ভবিষ্যত স্বৰূপ শিশু সকলক সুষম আহাৰ আৰু পুষ্টিকৰ খাদ্য যোগান ধৰাটো নিতান্তই প্ৰয়োজনীয় বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। বৰ্তমানৰ সময়তো শিশুৱে পুষ্টিহীনতাত ভোগাটো বৰ চিন্তনীয় বিষয় বুলি উল্লেখ কৰি তেওঁ সংশ্লিষ্ট সকলোকে এই ক্ষেত্ৰত কায়মনোবাক্যে নিজৰ দায়িত্ব নিষ্ঠাৰে সম্পন্ন কৰি শিশুসকলক পুষ্টিহীনতাৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত জনসাধাৰণৰ পূর্ণ সহযোগিতাৰ নিতান্তই প্ৰয়োজনীয় বুলি তেওঁ মত পোষণ কৰে। তেওঁ বজাৰত উপলব্ধ বিভিন্ন ৰাসায়নিক সাৰ-দৰৱ আদি প্ৰয়োগ কৰি উৎপাদন কৰা শাক-পাচলি ফল-মূল কিনি খোৱাতকৈ নিজৰ ঘৰৰ বাৰীত বা অঙ্গনৱাদি কেন্দ্ৰৰ চৌহদত পুষ্টি বাগান স্থাপন কৰি পুষ্টিকৰ শস্য তথা ফল-মূল উৎপাদনত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
অঙ্গনৱাদি কেন্দ্ৰসমূহৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উপায়ুক্ত গৰাকীয়ে সমাজ কল্যাণ বিভাগক যিসমূহ অঞ্চলত অঙ্গনৱাদি কেন্দ্ৰ নাই তাৰ তালিকা প্ৰস্তুত কৰি তেওঁক প্ৰদান কৰিবলৈ কয়। এই সমূহ অঞ্চলত আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে অঙ্গনৱাদি কেন্দ্ৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে। তেওঁ লগতে উল্লেখ কৰে যে, নিজা ভূমিত থকা অঙ্গনৱাদি কেন্দ্ৰসমূহত অসম চৰকাৰে অহা ৩১ আগষ্টৰ ভিতৰত বিদ্যুৎ যোগান আৰু পানীৰ ব্যৱস্থা সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
নিজ বক্তব্যত উপায়ুক্ত গৰাকীয়ে প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ বিষয়ে উল্লেখ কৰি কয় যে, এই যোজনাৰ অধীনত প্ৰথম সন্তানৰ বাবে গৰ্ভৱতী মহিলা বা ইতিমধ্যে প্ৰথম সন্তান জন্ম দি স্তনপান কৰাই থকা মহিলা সকলক তিনিটা কিস্তিত পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমাজ কল্যাণ বিষয়া জ্যোতি বিকাশ দত্তই তথা সভাত সভাপতিত্ব কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বুদ্ধিন মিশ্ৰই।শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ ৰীতা বৰকটকী, কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ পৰিপুষ্টি বিশেষজ্ঞ ডঃ তচলিমা বেগম আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, শিৱসাগৰৰ জিলা কাৰ্যকৰী বিশেষজ্ঞ পৰীস্মিতা শৰ্মাই সমল ব্যক্তি হিচাপে সভাত অংশগ্ৰহণ কৰে।সভাত জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া টি. জে. ৰবাৰ্ট, সমাজ কল্যাণ বিভাগৰ অধীনস্থ ছুপাৰভাইজাৰ, অঙ্গনৱাদি কৰ্মী- সহায়িকা আদি উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.