শিৱসাগৰত জিলা ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ প্ৰস্তুতি

0 212

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা শিৱসাগৰ প্ৰেছ ক্লাব আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ সহযোগত অহা ১৬ নৱেম্বৰত দিনৰ ১০-৩০ বজাত শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত জিলা ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ’ব।
 
 
জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব।ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাংবাদিক শোভিত ছেত্ৰীয়ে। তেওঁ এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল আলোচ্য বিষয় “সংবাদ মাধ্যমৰ ওপৰত ক’ভিড-১৯ অতিমাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদমাধ্যমৰ ভূমিকা” -ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব।
উল্লেখযোগ্য যে, ভাৰতৰ সংবাদ জগতৰ স্বাধীনতা আৰু নিৰপেক্ষতা বৰ্তাই ৰাখিবৰ বাবে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াই ১৯৬৬ চনৰ ১৬ নৱেম্বৰত জন্ম লাভ কৰিছিল।উক্ত দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰূপে উদযাপন কৰি অহা হৈছে।ভাৰতীয় সংবাদৰ নীতি আৰু গতি নিৰ্দ্ধাৰণ কৰা এই সংস্থাই সাংবাদিকৰ স্বাধীনতা, নীতি, প্ৰমূল্যবোধ আৰু তথ্য আধাৰিত মুক্ত সংবাদ পৰিৱেশনৰ পৰিৱেশ ৰচনাত ব্ৰতী হৈ আহিছে।এনেবোৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ প্ৰতি বছৰে পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.