শিৱসাগৰৰ এটা অনুষ্ঠানৰ আঁত ধৰি

0 222

শিৱসাগৰ যুৱদলত দেওবাৰে উদীয়মান চিত্ৰশিল্পীৰ সহায়ক হোৱাকৈ প্ৰকাশ কৰা চিত্ৰ কলা পাঠ্যক্ৰম সম্পৰ্কীয় এখন বিশেষ গ্রন্থ উন্মোচন কৰা হয়। ইলোৰা ভাগৱতীৰ”A HANDBOOK OF FINE ARTS “নামৰ এই গ্রন্থ খনি উন্মোচন কৰে এনামুদ্দিন আহমেদে। গ্ৰন্থ উন্মোচন কৰি আহমেদে এই গ্ৰন্থখনে চিত্ৰকলা সন্দৰ্ভত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকলক প্ৰভূত পৰিমাণে উপকৃত কৰিব বুলি নিজ ভাষণত উল্লেখ কৰে। কলাৰ সাধনা আৰু সুন্দৰৰ আৰাধনাই সমাজ শৃংখলিত কৰাৰ লগতে সুস্থ সমাজ সৃষ্টিত অৰিহনা যোগাই বুলি আহমেদে ব্যক্ত কৰে।এই অনুষ্ঠানতে প্ৰতিভায়ন চিত্ৰকলা নিকেতনৰ দ্বাৰা আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত কৃৰ্তিত্ব প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কৃত কৰা হয়। শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে। প্ৰতিভায়ন চিত্ৰকলা নিকেতনৰ সম্পাদিকা মুজিদা বেগমে আঁত ধৰা অনুষ্ঠানটিতে উত্তৰণ যাদুঘৰৰ দুৰ্লভ বৰাক সম্বৰ্ধনা জনোৱা হয়।উল্লেখযোগ্য যে  দুৰ্লভ বৰাই বিগত এটা দশকৰো অধিক সময় ধৰি কৰা প্ৰচেষ্টাৰ জৰিয়তে উত্তৰণ নামৰ যাদুঘৰটো গঢ়ি তুলিছে। অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰা বিভিন্ন সমল সংগ্ৰহ কৰি বৰাই নিজ প্রচেষ্টাত শিৱসাগৰ নগৰৰ জয়সাগৰত প্ৰতিষ্ঠা কৰা ‘উত্তৰণ’ নামৰ যাদুঘৰটিয়ে অসম তথা উত্তৰ পূবৰ হেৰাই যোৱা ইতিহাসক অতি সুন্দৰ ভাবে সংৰক্ষণ কৰিছে।খবৰ যুুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে ।

Leave A Reply

Your email address will not be published.