ৰাজ্যত দীৰ্ঘদিন ধৰি ধঁপাত নিয়ন্ত্ৰণৰ বাবে কাম কৰি অহা নতুন দিল্লীৰ কনজিউমাৰ ভয়েছ আৰু অসমৰ কনজিউমাৰ লীগেল প্ৰটেকচনৰ ফ’ৰামৰ উদ্যোগত কালি গুৱাহাটী ধঁপাত নিয়ন্ত্ৰণৰ সম্পৰ্কত ৰাজ্যিক পৰ্য্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। ধঁপাত ব্যৱহাৰৰপৰা কিদৰে যুৱ আতৰাই ৰাখিব পাৰি সেই উদ্দেশ্যে আয়োজিত কৰ্মশালাত অমৰজিত সিঙে কয় যে ধঁপাত জাতীয় সামগ্ৰী অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল,যদিও অসমত সঠিক ৰূপত কাৰ্য্যকৰী নহ’ল।কৰ্মশালাত উপস্থিত থাকি অধিবক্তা অজয় হাজৰিকাই মন্তব্য কৰে যে ৰাষ্ট্ৰীয় পৰ্য্যায়ত ধঁপাত ব্যৱহাৰকাৰী সংখ্যা ৬শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে অসমত ৯শতাংশ বৃদ্ধি পাইছে ।কৰ্মশালাত ধঁপাত ব্যৱহাৰৰপৰা কিদৰে আতৰাই ৰাখিব পাৰি সেই বিষয়ে ডাক্টৰ শ্ৰাবনা মিশ্ৰ ভাগৱতী, ডাক্টৰ অৰুন্ধতী ডেকা, প্ৰতুল ফুকনকে আদি কৰি বহুকেইজন ব্যক্তিয়ে বিস্তৃতভাৱে আলোচনা আগবঢ়ায় ।কৰ্মশালাখনত সংবাদ মাধ্যমৰ ভূমিকাৰ সম্পৰ্ক অনিন্দিতা চন্দ আৰু সুস্মিতা গোস্বামীয়ে মতামত আগবঢ়ায়।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ