শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান

0 176

১৯৯৮ চনৰ ৯ নৱেম্বৰত ভাৰতৰ তদানীন্তন মাননীয় ৰাষ্ট্ৰপতি কে. আৰ. নাৰায়ণ মহোদয় জাতিৰ বাবে উচৰ্গা কৰা উত্তৰ পূৱ ভাৰতৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই অহা ৯ নৱেম্বৰ তাৰিখে প্ৰতিষ্ঠাৰ বৰ্ণিল ২৪ টা বৰ্ষ অতিক্ৰমি ২৫ তম বৰ্ষত প্ৰদাৰ্পণ কৰিব।সমাগত বৰ্ষটো ৰূপালী জয়ন্তী বর্ষ ৰূপে উদযাপনৰ বাবে মনস্থ কৰা হৈছে।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৯ নৱেম্বৰ তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তী বৰ্ষ উদ্বোধনী অনুষ্ঠানত সবিশেষ কাৰ্যসূচী ক্ৰমে পুৱা ৯ বজাত সৰ্বপদ মংগল কামনাৰে কলাক্ষেত্ৰ কীৰ্ত্তন ঘৰত নাম প্ৰসংগৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।এই নাম প্ৰসংগত অসমৰ প্ৰায় ১০ টি দলে অংশগ্ৰহণ কৰিব।দিনৰ ১০ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫ খন চানেকিযুক্ত পতাকা উত্তোলন কৰিব।মুখ্য উত্তোলক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাদেৱৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৰ্তমান আৰু প্ৰাক্তন উপ সভাপতি ,সচিব আৰু সাধাৰণ পৰিষদৰ সদস্যসকলো উক্ত উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।দিনৰ ১০.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মুখ্য প্ৰৱেশদ্বাৰ পৰা ছয়মাইললৈ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে।এই শোভাযাত্ৰা ২৫ জোৰা মৃদংগীয়া গায়ন-বায়ন ,২৫ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী লগতে অসমৰ প্ৰায় ২৫ টি নৃগোষ্ঠীয় শিল্পী দলে আৰু আয়তী সকলে অংশগ্ৰহণ কৰিব।দিনৰ ১১.৩০ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ’ব।উক্ত অনুষ্ঠানত মূল্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সন্মানীয় সভাপতি হিমন্ত বিশ্ব শৰ্মা মহোদয়।সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাদেৱ আৰু অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰাদেৱ।সভাত ক্ৰমে অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামী, বিশিষ্ট লেখক,সাংবাদিক ধীৰেন্দ্র নাথ চক্ৰৱৰ্তী আৰু বিশিষ্ট জ্যেষ্ঠ চিত্ৰ শিল্পী ননী বৰপূজাৰী,বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব।উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা বিৰচিত আৰু সুৰাৰোপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শীৰ্ষ গীতৰ আধাৰত এক নৃত্য নাট সংৰচনা মঞ্চত পৰিবেশিত হ’ব।বিয়লি ৪ বজাত অতীতদৰ্শী শীৰ্ষক বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীৰ চিত্ৰ কৰ্মৰ একক প্ৰদৰ্শনী আৰু অতীত বীক্ষণ শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনী মুকলি কৰা হ’ব।উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু।বিয়লি ৪.৩০ বজাত মাজুলীৰ শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ আধাৰত পৰম্পৰাগত আকাশবন্তি প্ৰজ্বলন কৰা হ’ব।উপস্থিত থাকিব শ্ৰীশ্ৰীবৰদোৱা নৰোৱা সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী, অসম চৰকাৰৰ পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোর্চা।অসমৰ বিভিন্ন জিলাৰ পৰা সমবেত হোৱা মৃদঙীয়া গায়ন বায়নৰ শিল্পী সকলে ৰংঘৰ বাকৰি মঞ্চত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠান পৰিবেশন কৰিব।ইয়াৰোপৰি অকাশবন্তি কাৰ্যসূচী সৈতে সংগতি ৰাখি সন্ধিয়া বৰপেটা পৰম্পৰাগত আটাচবাজি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰিব বিচৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাসমধুৰম অনুষ্ঠানেৰে।ৰাস যাত্ৰাৰ দুজন গুৰুৰ মহান পৰম্পৰা অক্ষুন্ন ৰাখি পৰিবেশনত সমসাময়িক চিন্তাৰে অগ্ৰসৰ হ’বলৈ যন্ত্ৰ কৰা হৈছে।বৃন্দাবনয় কৃষ্ণ ৰাস লীলা আৰু কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি বাল্যকালৰ লীলাৰে সামৰি মহাৰাসক সামৰা এই মোহনীয় অনুষ্ঠান পৰিবেশন কৰিবলৈ বিনম্ৰ প্ৰয়াস কৰা হৈছে।ৰাস মধুৰম মঞ্চায়ন কৰা হ’ব অহা ১২ আৰু ১৩ নৱেম্বৰ তাৰিখে।শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সন্ধিয়া ৬.৩০ বজাৰ পৰা আনহাতে অহা ১৪ আৰু ১৬ নৱেম্বৰ তাৰিখে নলবাৰী প্ৰসিদ্ধ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণতো পৰিবেশন হ’ব।অসমৰ প্ৰায় ২০ নৃগোষ্ঠীৰ শিল্পীয়ে এই ৰাসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামী আৰু বিশিষ্ট নাট পৰিচালক অবিনাশ শৰ্মাৰ বিশেষ তত্বাৱধানত ৰাস মধুৰম মঞ্চ পৰিবেশনৰ প্ৰয়াস কৰা হৈছে।

Leave A Reply

Your email address will not be published.