নিৰাময়ৰ উদ্যোগত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁড়ালৰ সহযোগত “নেত্ৰ দান সজাগতা পষেক ২০২২” উপলক্ষে নেত্ৰ দানৰ সজাগতা সন্দৰ্ভত আজি এখন ৱেবিনাৰ অনুষ্ঠিত হয়। ৱেবিনাৰখন উদ্বোধন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁৰালৰ অধীক্ষক ডাঃ হিমন্ত নাথ হাজৰিকাদেৱে নেত্ৰদানৰ সজাগতাৰ ওপৰত ব্যক্তব্য ৰাখে। ৱেবিনাৰখনত নেত্ৰদানৰ বিষয়ে বিশদভাৱে আলোচনা আগবঢ়াই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কৰ্ণিয়া চাৰ্জন ডাঃ অৰুন্ধুতি বৰঠাকুৰে। অন স্ক্ৰীন প্ৰেজেন্টেছনৰ জৰিয়তে তেখেতে সম্পূৰ্ণ নেত্ৰদান প্ৰক্ৰিয়াটোৰ বৰ্ণনা কৰে। লগতে ইয়াৰ সৈতে জড়িত অন্ধ বিশ্বাস আদিৰ ওপৰতো মন্তব্য কৰে। আন এগৰাকী বক্তা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ জ্যোতি ভূঞা বাইদেৱে নেত্ৰদান সম্পৰ্কে আলোচনা আগবঢ়াই। ৱেবিনাৰখনত অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক লোকে যোগদান কৰে আৰু শেষত প্ৰশ্ন উত্তৰ শিতানত ডাঃ অৰুন্ধুতি বৰঠাকুৰ বাইদেউ আৰু ডাঃ হিমন্ত হাজৰিকা দেৱে সকলো প্ৰশ্নৰে উত্তৰ দিয়ে। ৱেবিনাৰখনত আঁত ধৰে নিৰাময়ৰ ট্ৰাষ্টী পল্লৱী নেওগ বৰাই। ৱেবিনাৰখন পৰিচালনা কৰে নিৰাময়ৰ সভাপতি কুশল ডেকাই। শেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁৰালৰ কৰ্মচাৰী হিৰকজ্যোতি শৰ্মাই নেত্ৰ ভঁৰালৰ যোগাযোগৰ নম্বৰ সমূহ দিয়ে। ৱেবিনাৰখনত যোগদান কৰি ইয়াক সফলভাৱে অনুষ্ঠিত কৰাত বৰঙণি আগবঢ়োৱা সকলো ব্যক্তিকে ই ছাৰ্টিফিকেট প্ৰদান কৰা হ’ব।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান