শৰীৰ চৰ্চা প্ৰতিযোগিতা সম্পন্ন

0 257

নাবা ডব্লিউ এফ এফ শিৱসাগৰে আয়োজন কৰা ৭ম নাবা ডব্লিউ এফ এফ মি: এণ্ড মিছ শিৱসাগৰ শৰীৰ চৰ্চা প্ৰতিযোগিতা শিৱসাগৰ নাট্যমন্দিৰত অনুষ্ঠিত হয়। দৰ্শকৰে পৰিপূৰ্ণ অতি উত্তেজনাপূৰ্ণ প্ৰতিযোগিতা খনত পৰিতোষ ৰয়ে অভাৰ অল মি: শিৱসাগৰ আৰু ইমপালচ জিমৰ ৰিছা শইকীয়াই মিছ শিৱসাগৰ (ফিটনেছ) আৰু বৰ্ষা সাহাই মিছ ফিটনেছ (ফিগাৰ) সন্মান লাভ কৰে। পুৰুষ আৰু মহিলাৰ মুঠ ১৫ টা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত মেন বডী বিল্ডিংৰ ক্লাছ ৱান শাখাত ৰাহুল হাজৰিকা প্ৰথম আৰু প্ৰবাল বৰা ২য়, ক্লাছ টু ত প্ৰবাল প্ৰতীম বৰুৱা প্ৰথম, ক্লাছ থ্ৰীত চাৰীফ আহমেদ প্ৰথম, সুৰেশ গগৈ দ্বিতীয় আৰু দয়াল দে তৃতীয়, ক্লাছ ফৰ শাখাত পৰিতোষ ৰয় প্ৰথম, সৌৰভ গগৈ দ্বিতীয় আৰু প্ৰাণদ্বীপে তৃতীয় স্থান লাভ কৰে। জুনিয়ৰ বডী বিল্ডিং শাখাত ধ্ৰুৱজ্যোতি চাৰিঙিয়াই জুনিয়ৰ মিঃ শিৱসাগৰ, দ্বীপজ্যোতি বৰা দ্বিতীয় আৰু বৈভব পাঠকে তৃতীয় স্থান লাভ কৰে। মাছটাৰ্ছ শাখাত জীৱন ফুকন প্ৰথম, বিপুল লাখাৰি দ্বিতীয় আৰু লক্ষ্মীনাথ তাঁতী তৃতীয়। মেন বাৰ্মুদা মডেল টল শাখাত দেৱশীষ বৰা প্ৰথম, প্ৰৱাল প্ৰতীম বৰুৱা দ্বিতীয়, ৰিছিকেশ গৌতম তৃতীয়, মেন বাৰ্মুদা মডেল চৰ্ত শাখাত সৌস্তভ গগৈ প্ৰথম, পল্লব বাইলুং দ্বিতীয়, পাৰ্থ গগৈ তৃতীয়। মেন স্পৰ্টছ মডেল শাখাত পাৰ্থ গগৈ প্ৰথম, চন্দন গগৈ দ্বিতীয় আৰু বিশ্বজিৎ শইকীয়া তৃতীয়। আনহাতে মহিলাৰ ছিনিয়ৰ ওমেন শাখাৰ প্ৰয়া ৰিছা শইকীয়া প্ৰথম, বন্দিতা দাস দ্বিতীয় আৰু বিউটি বৰা তৃতীয়,আজৰা আকিন হাজৰিকা প্ৰথম, বিষ্ঞু প্ৰিয়া দত্ত দ্বিতীয় আৰু প্ৰণামিকা বৰাই তৃতীয় স্থান লাভ কৰে। মাতৃ সকলৰ বাবে অনুষ্ঠিত হোৱা মম ফিটনেছ শাখাত ৰূপজ্যোতি সন্দিকৈয়ে পাল্কী শৰ্মাই প্ৰথম স্থান লাভ কৰে। ওমেন স্পৰ্টছ মডেল শাখাৰ বৰ্ষা সাহা প্ৰথম, ৰুচ শইকীয়া দ্বিতীয় আৰু বন্দিতা দাস তৃতীয়, গাৰ্লছ এৰ’ৱিক্স শাখাত আৰ্হিশ্ৰেষ্ঠা দত্তই প্ৰথম, ক্ষতি দৰ্শনা বৰা দ্বিতীয় আৰু টানিস্কা গৌতমে তৃতীয় স্থান লাভ কৰে। আৰু শিৱসাগৰ ইতিহাসত প্ৰথম বাৰৰ বাবে আয়োজন কৰা ওমেন বডীবিল্ডিং শাখাত বৰ্ষা সাহাই মিছ শিৱসাগৰ ফিগাৰ সন্মানৰ অধিকাৰী হয়। শ্ৰেষ্ঠ জিমৰ সন্মান লাভ কৰে ইমপালছ জিম আৰু দ্বিতীয় স্থান লাভ কৰে লিংক্স ফিটনেছ জিমে।প্ৰতিযোগিতা খনত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে শৰীৰ চৰ্চাৰ ৰাষ্টীয় বিচাৰক তথা নাবা ডব্লিউ এফ এফ অসমৰ সাধাৰণ সম্পাদক জয়ন্ত বেজ। প্ৰতিযোগিতাখন উদ্বোধন কৰে শিৱসাগৰ জিলাৰ মাননীয় উপায়ুক্ত ডাঃ লক্ষ্মণন এছ দেৱে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কমাৰ্চ কলেজৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, অৰুণ দত্ত, পৌৰানেত্ৰী মৃদুস্মিতা সিনহা, ড০ খগেশ্বৰ দাস, আৰক্ষী বিষয়া নবীন সিনহা, জ্যোতিষ ফুকন, নাট্যকাৰ ৰূপক ভূঞাকে আদি কৰি বহুতো গণ্য মান্য ব্যক্তি।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে 

Leave A Reply

Your email address will not be published.