সংগীতে হৃদয় জিনা চয়নিকাৰ কথাৰে

0 805

এগৰাকী যুৱতী।  নাম  চয়নিকা বৈশ্য। বৰ্তমান সময়ত এইগৰাকী যুৱতী যুৱপ্ৰজন্মৰ মাজত চিনাকি হৈ পৰিছে। এতিয়া যেন চয়নিকা বুলি ক’লেই সকলোৱে চিনি পাই। অকল তেওঁৰ গৃহ জিলাৰে নহয় এতিয়া সমগ্ৰ অসমৰ বাবে  যেন এক পৰাচিত মুখ চয়নিকা বৈশ্য।
 
 
নলবাৰী জিলাৰ অময়াপুৰৰ জীয়ৰী চয়নিকা। পিতৃ মাতৃৰ অতিকৈ মৰমৰ আৰু পৰিয়ালৰ কনিষ্ঠতম সদস্য চয়নিকা। চয়নিকাৰ পৰিয়ালত আছে তেওঁৰ পিতৃ-মাতৃ, ককায়েক আৰু জ্যেষ্ঠ ভগ্নী। চয়নিকাই ত নলবাৰী চহৰৰে মাজমজিয়াত থকা সুপ্ৰভা মহন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।
 
 
 
উচ্চতৰ মাধ্যমিকৰ শিক্ষা সম্পূৰ্ণ কৰিছিল নলবাৰী চহৰৰে আন এখন শিক্ষানুষ্ঠান ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ একাডেমীৰ পৰা। আনহাতে চয়নিকাই তেওঁৰ স্নাতক ডিগ্ৰী লৈছিল নলবাৰী মহাবিদ্যালয়ৰ পৰা আৰু স্নাতকোত্তৰৰ আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিছিল ইউনিভাৰ্চিটী অৱ চাইন্স এণ্ড টেকন’লোজি মেঘালয়ৰ পৰা।
২৫বৰ্ষীয় নলবাৰীৰ এইগৰাকী প্ৰতিভাৱান আৰু মেধাৱী যুৱতী চয়নিকাই আজৰি সময়ত সংগীতৰ সাধনা কৰে। চয়নিকাৰ হবি হৈছে সংগীত শুনা, সংগীত চৰ্চা কৰা, টেলিভিছন চোৱা আৰু হস্তকলাৰ জৰিয়তে বিভিন্নধৰণৰ সামগ্ৰী বনোৱা। লগতে তেওঁৰ আন এটা হবি হৈছে ৰন্ধা বঢ়া কৰা।
 
এন ই ফ’কাচৰ সৈতে চয়নিকাৰ হোৱা এক আছুতীয়া কথোপকথনত  চয়নিকাই কয় যে আজি যিটো পৰ্যায়ত আহি উপনীত হৈছে এই সকলোখিনিৰে কৃতিত্ব তেওঁ তেওঁৰ ককায়েক ধ্ৰুৱজ্যোতি বৈশ্যক দিব বিচাৰে। যদিহে কেতিয়াবা সংগীতৰ এই জগতখনত চয়নিকাই হাৰ মানে তথাপি ককায়েকে চয়নিকাক কেতিয়াও এনেকুৱা হোৱাটো বিচৰা নাই। সদায় সাহস আৰু এক উৎসাহ হিচাপে চয়নিকাৰ ওচৰত প্ৰতিদিন প্ৰতিক্ষণ নতুন ৰূপত থিয় হৈ ৰৈছে ককায়েক ধ্ৰুৱজ্যোতি।
 
 
এই ককায়েকৰ কাৰণেই দৈনন্দিন নতুন কাম কৰাৰ হেঁপাহ চয়নিকাৰ। সৰুৰে পৰা গান গোৱা চয়নিকাৰ জীৱনৰ প্ৰথম সংগীতৰ গুৰু আছিল তেওঁৰ পিতৃ। দেউতাকৰ পৰা সংগীতৰ শিক্ষা লৈ গান গোৱা আৰম্ভ কৰে চয়নিকাই। তাৰ পিছত আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা গ্ৰহণ কৰে।
 
বিশাৰদ লোৱাৰ পিছত চয়নিকাই তেওঁৰ স্বগৃহতেই সংগীতৰ অনুশীলন আৰম্ভ কৰে।উল্লেখ্য যে বৰ্তমান সময়ত চয়নিকাই স্বগৃহতে ককায়েক ধ্ৰুৱজ্যোতিৰ সৈতে সংগীতৰ কামসমূহ কৰি গৈছে। চয়নিকাই কোৱা মতে ককায়েকেই তেওঁক প্ৰথমে ইউটিউব চেনেল এটা খুলি দিছিল।
 
প্ৰথমৰে পৰাই চয়নিকাই গোৱা গীতসমূহ বাণীৱদ্ধ কৰি ইউটিউবত আপলোড দিছিল ককায়েকে।২০১৭চনত চয়নিকাই এম টি ভি যোগে প্ৰচাৰিত হোৱা আৰু মাৰুটি চুজুকী কালাৰ্চ অৱ ইয়ুথ চিজন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত  চয়নিকা ফাইনেলিষ্ট হৈছিল আৰু গ্ৰেণ্ড ফাইনেলতো গৈ উপনীত হৈছিল। ইয়াৰ পিছৰে পৰা চয়নিকাই আকৌ স্ব-গৃহতেই সংগীতৰ অনুশীলন কৰিবলৈ ধৰিলে। তেওঁ গোৱা গীতসমূহ নিজৰ ঘৰতে থকা ষ্টুডিঅ’ত বাণীৱদ্ধ কৰি নিজৰ ইউ টিউব চেনেলটোত আপলোড দিয়ে চয়নিকাই।
 
অলপতে চয়নিকাই তেওঁৰ ইউ টিউব যোগে নিজে ক’ভাৰ চং হিচাপে বাণীৱদ্ধ কৰি আপলোড দিয়া জুবিন দাৰ হিয়া দিয়া নিয়া গানটো হঠাতে ভাইৰেল হৈ পৰে। চয়নিকাৰ প্ৰাণস্পৰ্শী কণ্ঠত প্ৰাণ পাই উঠা গানটোৰ জৰিয়তে এতিয়া সামাজিক মাধ্যমৰ সমগ্ৰ অসমৰে এখন চিনাকি মুখ হৈ ধৰা দিয়ে।
 
 
ইয়াৰ পূৰ্বেও চয়নিকাই তেওঁৰ ককায়েক ধ্ৰুৱজ্যোতিৰ সৈতে গোৱা ধুলিকণা গানটো ইউটিউবৰ লগতে সামাজিক মাধ্যমৰ যোগে ভাইৰেল হৈ পৰিছিল যুৱপ্ৰজন্মৰ মাজত লগতে সমগ্ৰ অসমবাসীৰ মাজত। যাৰ বাবে বৰ্তমান সকলোৰে মাজত এখন চিনাকী আৰু পৰিচিত মুখ নলবাৰীৰ অময়াপুৰৰ চয়নিকা বৈশ্য নামৰ যুৱতীগৰাকী। চয়নিকাক সকলো সময়তে সাহস আৰু উৎসাহ যোগোৱা তেওঁৰ একমাত্ৰ ককায়েক ধ্ৰুৱজ্যোতি বৈশ্যই বৰ্তমানে এগৰাকী চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। হিয়া দিয়া নিয়া আৰু ধুলিকণাৰ দৰে এনেকুৱা বহুতো গীতেই এতিয়া চয়নিকাৰ কণ্ঠত নতুনকৈ প্ৰাণ পাই উঠিছে।
 
চয়নিকাৰ সংগীতৰ এই মধুৰ যাত্ৰাত সহযোগ কৰা ককায়েক ধ্ৰুৱজ্যোতি আৰু পৰিয়ালৰ বাকী সদস্যসকলকো ধন্যবাদ জ্ঞাপন কৰিছো। লগতে চয়নিকাৰ সংগীতৰ এই মধুৰতম যাত্ৰা যাতে  অটুট থাকে তাৰ বাবে আমি এন ই ফ’কাচৰ পৰিয়ালৰ ফালৰ পৰা চয়নিকাক আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।

Leave A Reply

Your email address will not be published.