দেশৰ ২০০ খন চহৰৰ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ উদ্যোগত আজি শিলচৰত সক্ষম চাইকেল দিৱস উদযাপন কৰে।নাগৰিক সকলৰ মাজত সুস্বাস্থ্য,সুৰক্ষিত পৰিৱেশ আৰু ইন্ধন সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আঔ চাইকেল চলায়ে শ্ল’গানেৰে এই চাইকেল দিৱস অনুষ্ঠিত কৰা হয়।শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডৰ পৰা ৫ কি.মি. দূৰত্বৰ বাবে গ্ৰীণ ৰাইড শীৰ্ষক এক চাইকেল ৰেলী উলিওৱা হয়।এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি কাছাৰৰ জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই পেট্ৰ’লিয়াম ইন্ধনৰ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে উপস্থিত লোকসকলক বিৱৰি কয়।ইয়াৰোপৰি চাইকেল চলালে কিদৰে স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সুপ্ৰভাৱ পৰে,সেই বিষয়ে অৱগত কৰাৰ লগতে যুৱক যুৱতী সকলক SAKSHAM ৰ এই পদক্ষেপ নিয়মীয়াভাৱে আগবঢ়াই নিবলৈ অনুৰোধ জনায়।অনুষ্ঠানত এন আৰ এলৰ জ্যেষ্ঠ চি জি এম বি এক্কাই সক্ষম ২০২০ ৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায়।এই অনুষ্ঠানত মানবেন্দ্র দেৱ ৰয়,কনাদ পুৰকায়স্থ,দ্বৈপায়ন চক্ৰৱৰ্তী,বাবুল হোজে,বি এক্কা,মধুচন্দা অধিকাৰীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে ১৬ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ এমাহৰ বাবে আয়োজন কৰা হৈছে সক্ষম ২০২০।মাহজোৰা এই অভিযানৰ অংশস্বৰুপে পেট্ৰ’লিয়াম উৎপাদনসমূহৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এন আৰ এলে অহা ২ ফেব্ৰুৱাৰীত শিলচৰত ৱাকাথন অনুষ্ঠিত কৰিব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান