দেশৰ ২০০ খন চহৰৰ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ উদ্যোগত আজি শিলচৰত সক্ষম চাইকেল দিৱস উদযাপন কৰে।নাগৰিক সকলৰ মাজত সুস্বাস্থ্য,সুৰক্ষিত পৰিৱেশ আৰু ইন্ধন সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আঔ চাইকেল চলায়ে শ্ল’গানেৰে এই চাইকেল দিৱস অনুষ্ঠিত কৰা হয়।শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডৰ পৰা ৫ কি.মি. দূৰত্বৰ বাবে গ্ৰীণ ৰাইড শীৰ্ষক এক চাইকেল ৰেলী উলিওৱা হয়।এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি কাছাৰৰ জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই পেট্ৰ’লিয়াম ইন্ধনৰ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে উপস্থিত লোকসকলক বিৱৰি কয়।ইয়াৰোপৰি চাইকেল চলালে কিদৰে স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সুপ্ৰভাৱ পৰে,সেই বিষয়ে অৱগত কৰাৰ লগতে যুৱক যুৱতী সকলক SAKSHAM ৰ এই পদক্ষেপ নিয়মীয়াভাৱে আগবঢ়াই নিবলৈ অনুৰোধ জনায়।অনুষ্ঠানত এন আৰ এলৰ জ্যেষ্ঠ চি জি এম বি এক্কাই সক্ষম ২০২০ ৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায়।এই অনুষ্ঠানত মানবেন্দ্র দেৱ ৰয়,কনাদ পুৰকায়স্থ,দ্বৈপায়ন চক্ৰৱৰ্তী,বাবুল হোজে,বি এক্কা,মধুচন্দা অধিকাৰীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে ১৬ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ এমাহৰ বাবে আয়োজন কৰা হৈছে সক্ষম ২০২০।মাহজোৰা এই অভিযানৰ অংশস্বৰুপে পেট্ৰ’লিয়াম উৎপাদনসমূহৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এন আৰ এলে অহা ২ ফেব্ৰুৱাৰীত শিলচৰত ৱাকাথন অনুষ্ঠিত কৰিব।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী