সমন্বয়ৰ প্ৰতীক প্ৰাঞ্জল প্ৰতিম বৰাৰ কথাৰে

0 74

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ভকতগাঁৱৰ বাসিন্দা এইজন অসমীয়াভাষী যুৱক।১৯৮৮ চনৰ ৬ ফেব্ৰুৱাৰীত পিতৃ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,সমাজকৰ্মী , সংগঠক মিনাৰাম বৰাৰ ঔৰসত আৰু মাতৃ দীপ্তি বৰাৰ গৰ্ভত জন্মগ্ৰহণ কৰা বহুমুখী গুণসম্পন্ন যুৱকজনে অসমীয়া হৈয়ো বিগত দহ বছৰে গোৰ্খা জাতিৰ ( লগতে অন্যান্য জাতি-জনগোষ্ঠী ) বাবে নিৰন্তৰে কৰি গৈছে কাম । যুৱকজনৰ নাম প্ৰাঞ্জল প্ৰতিম বৰা।যুৱকজন অসম নেপালী সাহিত্য সভাৰ আজীৱন সদস্য। আগছু, গোৰ্খা উন্নয়ন পৰিষদ, অসম গোৰ্খা সন্মিলনকে আদি কৰি বিভিন্ন গোৰ্খা সংগঠনৰ শুভাকাংক্ষী। ক’বলৈ গ’লে প্ৰতিটো গোৰ্খা জনগোষ্ঠীয় সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে । অসমীয়া জাতিৰ বৌদ্ধিক বিকাশৰ সমান্তৰালভাৱে গোৰ্খা সমাজত যুৱকজনে সমাজসেৱা,সাহিত্য চৰ্চাৰে উত্তৰণমূলক কাম কৰি নিজৰ সমন্বয়মূলক মানসিকতাৰ পৰিচয় দাঙি ধৰি সকলোৰে আদৰ্শ হৈ পৰিছে যুৱকজন । যুৱকজনে বিশিষ্ট সাহিত্যিক ছত্ৰমান চুব্বাৰ উত্তৰ আধুনিক গল্প সংকলন “মাংগেনা”ৰ লগতে কেইবাখনো গ্ৰন্থ নেপালীৰপৰা অসমীয়ালৈ অনুবাদ কৰা কামত খুবেই ব্যস্ত। গোৰ্খা জনগোষ্ঠীয় লোক সংস্কতি বিষয়ৰ লগতে বিভিন্ন সামাজিক বিষয়তো ইতিমধ্যে বিভিন্ন লেখা অসমীয়া ভাষাত প্ৰকাশ পাইছে।যুৱকজন সমন্বয় সাহিত্য গোষ্ঠী অসম নামৰ সাহিত্য অনুষ্ঠানটোৰ মুখ্য সচিব।সমন্বয়ৰ প্ৰতীক যুৱকজনে নিজৰ সমন্বয়ৰ ভাৱধাৰা, সাহিত্য চৰ্চাৰ বাবে ইতিমধ্যে নেপাল, চিকিমৰ লগতে অসমৰ বিভিন্ন স্থানৰ গোৰ্খা জনগোষ্ঠীয় অনুষ্ঠানত বহুবাৰ অংশগ্ৰহণ কৰিছে ।তেখেত একেধাৰে এগৰাকী অনুপ্ৰেৰণামূলক বক্তা, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ গাইড, সুবক্তা, যুৱ নিৱন্ধকাৰ, অনুবাদক, কবি, গ্ৰন্থ আলোচক, অসমীয়া-গোৰ্খা ইত্যাদি সকলো জনগোষ্ঠীয় লোকৰ প্ৰতি সমন্বয় ভাৱধাৰা সমৃদ্ধ এক ধনাত্মক চিন্তাধাৰাৰ ব্যক্তিত্ব । গোৰ্খা সমাজ, গোৰ্খাৰ বিভিন্ন জাতীয় সংগঠন-অনুষ্ঠান যেনে অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছু, গোৰ্খা উন্নয়ন পৰিষদ, অসম গোৰ্খা সন্মিলন ইত্যাদিয়ে এইজন সমন্বয়প্ৰেমী যুৱক প্ৰাঞ্জল প্ৰতিম বৰাক উপযুক্ত বঁটা বাহন, সম্বৰ্ধনাৰ লগতে বৌদ্ধিক দায়িত্ব সময়মতে দিয়াৰ সুব্যৱস্থা কৰি গোৰ্খা বন্ধু হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে যুৱকজনে অনাগত দিনত দুগুণ উৎসাহেৰে সমাজৰ বাবে কাম কৰি যাবলৈ মনোবল পাব ।লগতে গোৰ্খা বৌদ্ধিক সমাজেও যুৱকজনক প্ৰয়োজনীয়শআনুষ্ঠানিক বৌদ্ধিক কৰ্মৰ সুবিধা প্ৰদান কৰক।
সমন্বয়প্ৰেমী যুৱকজনে বৰ্তমান সময়ত কেইবাখনো অমূল্য গ্ৰন্থ নেপালী গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামত ব্যস্ত । যুৱকজনে বিভিন্ন ব্যতিক্ৰমী বিষয় সামৰি লিখা ভিন্ন স্বাদৰ লেখা অসমৰ বিভিন্ন জনপ্ৰিয় আলোচনী,কাকত, স্মৃতিগ্ৰন্থত ইতিমধ্যে প্ৰকাশ পাইছে।যুৱকজন অসমীয়া, গোৰ্খা, বড়ো,মিছিং, গাৰো, ইত্যাদি সকলো জনগোষ্ঠীয় লোকৰ সৈতেও সুসম্পৰ্ক বজাই ৰাখি সাম্প্ৰদায়িক সম্প্ৰীতিৰ মাজেদি অহৰহ কাম কৰি যোৱাৰ সৎ প্ৰয়াস কৰিছে।
যুৱকজন অসম সাহিত্য সভা আৰু অসম নেপালী সাহিত্য সভাৰ আজীৱন সদস্য ,বালিপৰা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ জিলা সম্পাদক,বিদ্যালয় বাৰ্তা নামৰ শৈক্ষিক বাৰ্তালোচনীৰ অবৈতনিক মুখ্য সম্পাদক, অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক,আছুৰ ৰঙাপৰা মহাবিদ্যালয় গোটৰ প্ৰাক্তন সম্পাদক, ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদক ইত্যাদি।বহুমুখী প্ৰতিভাৰ এই যুৱকজনৰ সফলতাই আকাশ চুমক, আমি জনালো অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.