জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ নৱমখন বৈঠকখন ২৭ ডিচেম্বৰত উপ সভানেত্ৰী ডঃ সন্ধ্যা পাঠকৰ সভাপতিত্বত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । বৈঠকৰ আৰম্ভণিতে শিক্ষাবিদ ডঃ প্ৰদীপ গোস্বামী , কবি মীৰা ঠাকুৰ, গায়ক সূৰ্য দাস, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, জাকিৰ হুছেইনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । আৰম্ভণিতে শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । আৰম্ভণিতে ৰুণুমী নাথে ভজন পৰিবেশন কৰে। স্ব-ৰচিত লেখা পাঠ অনুষ্ঠানত কবিতা পাঠ কৰে অঞ্জু দত্ত শইকীয়া, মামনি ভট্টাচাৰ্য , অঞ্জনা ৰাণী ভট্টাচাৰ্যই। প্ৰৱন্ধ পাঠ কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰ, পূৰবী ফুকনে। অনুভৱ ব্যক্ত কৰে ৰেখা বৈশ্যই। শিশু গল্প পাঠ কৰে মামণি শৰ্মাই । ভাষণ আগবঢ়াই ডঃ দীপালী দত্ত , ডঃ মীনা দেৱীয়ে । গীত পৰিবেশন কৰে নিৰ্মালী গোস্বামী আৰু মল্লিকা বৰাই । কবিতা আবৃত্তি কৰে সম্পাদিকা গীতিকা দাসে। এটি সমবেত সঙ্গীত পৰিৱেশন কৰে ৰুণুমী নাথ,ৰেখা বৈশ্য,মল্লিকা বৰা,বিজু মেধিয়ে।ডঃ সন্ধ্যা পাঠকৰ সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই।অসম সংগীতেৰে বৈঠকৰ সামৰণি পৰে।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান