পুৰণি বছৰক বিদায় আৰু নতুনক আদৰাৰ এই গুৰুত্বপূৰ্ণ আৰু উৎসৱমুখৰ সময়ত অসমত যাতে কোনো পথ-দুৰ্ঘটনা সংঘটিত নহয় আৰু দুৰ্ঘটনাত কোনো লোক নিহত হ’বলগীয়া নহয় তাৰবাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজপথত ব্যাপক অভিযান চলাইছে। ইফালে ৰাজপথৰ সুৰক্ষাৰ বাবে প্ৰথমে বাহনসমূহ সুৰক্ষিত তথা বৈধ কৰি ৰখাৰ বাবে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত মহানগৰ জিলাৰ সমজিলা সমূহত অব্যাহত আছে “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” ব্যতিক্ৰমী সেৱা কাৰ্যসূচী ৷ নতুন বছৰটোলৈ মাজত মাত্ৰ আৰু এটা দিন থকা অৱস্থাত আজি এই বিশেষ সেৱা কাৰ্যসূচীৰ অধীনত মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত বয়োজ্যেষ্ঠ নাগৰিক আৰু মহিলাসকলৰ বাহন চালনা আৰু যানবাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যাৰ থিতাতে সমাধান কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে যানবাহনৰ নথিপত্ৰসমূহ সঠিক হৈ থাকিলেহে সুৰক্ষিত যাতায়াত সম্ভৱ। কিয়নো সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চৰ্তটোৱে হৈছে নথিপত্ৰসমূহ সঠিক কৰি ৰখা। কোনো দুৰ্ঘটনা সংঘটিত হ’লে আপোনাৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, বাহনৰ কৰ পৰিশোধ আদি বিভিন্ন নথিপত্ৰসমূহ যদি সঠিক হৈ নাথাকে তেন্তে আপোনালোক চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা পাবলগীয়া ক্ষতিপূৰণৰ পৰা বঞ্চিত হ’ব৷ সেয়ে ৩১ডিচেম্বৰৰ আগতে প্ৰতিগৰাকী যানবাহন ব্যৱহাৰকাৰীকে বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লৈ আগন্তুক নৱবৰ্ষত সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ’বলৈ তেওঁ আহ্বান জনায়৷ সমাজৰ এইসকল সন্মানীয় লোকক নিজৰ লৰা-ছোৱালী, নাতি-পুতিৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰতে পথ সুৰক্ষাৰ সজাগতাক এক সংস্কৃতি আৰু জনআন্দোলন হিচাপে গঢ়ি তুলিবলৈয়ো পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে আহ্বান জনায়।অনুষ্ঠানত প্ৰাক্তন জিলা পৰিবহণ বিষয়া দ্বীজেন দাস উপস্থিত থাকি পৰিবহণ বিভাগে পদূলিমুখতে আহি আগবঢ়োৱা পৰিবহণৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ লাভ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখ্য যে বহুসংখ্যক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰা আজিৰ এই জনসেৱা কাৰ্যসূচীত দীৰ্ঘদিনে সমাধান কৰিব নোৱৰা বাহনৰ নথিপত্ৰ বিষয়ক ওজৰ-আপত্তি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে নিমিষতে সমাধান কৰি দিয়াত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে৷ইফালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা দহবজাৰ পিছত বাহনৰ সুৰাসক্ত চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগক দিয়া নিৰ্দেশত সন্তোষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। কিয়নো সুৰাসক্ত চালকৰ কাৰণে পথত চলাচল কৰাটো বয়োজ্যেষ্ঠ নাগৰিক সকলৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰা বুলি জ্যেষ্ঠ নাগৰিকসকলে ব্যক্ত কৰে৷আজিৰ জনসেৱা কাৰ্যসূচীত জ্যেষ্ঠ যানবাহন পৰিদৰ্শক অচিন্ত্য সেনৰ নেতৃত্বত পৰিবহণৰ সহায়কাৰী বিষয়াৰ দলে যানবাহনৰ নথিপত্ৰ বিষয়ক শতাধিক সমস্যাৰ থিতাতে সমাধান কৰে।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান