বৰ অসমত সম্প্ৰীতিৰ এনাজৰীডাল আজিও কটকটীয়া হৈ আছে৷ সমাজবিৰোধী চক্ৰই অসমীয়া সমাজখনক হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিব খুজিলেও অসমীয়া জাতিক ভাগ ভাগ কৰিব পৰা নাযাব৷ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰগতিশীল দল-সংগঠনে এই বাৰ্তাকে দি আহিছে৷ সময়ে সময়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সমাজখনক ভাতৃত্ববোধৰ বাৰ্তাৰে মহামণ্ডিত কৰে৷ প্ৰতি বছৰে নলবাৰী জিলাৰ বিল্বেশ্বৰস্থিত ঐতিহ্যমণ্ডিত দুৰ্গা পূজাত সদৌ অসম গৰিয়া মৰিয়া দেশী পৰিষদে দুৰ্গা দেৱীৰ ভক্তৰ মাজত বিশুদ্ধ পানী বিতৰণ কৰি তেনেই এক বাৰ্তা প্ৰদান কৰাৰ বাবে চেষ্টা চলাই আহিছে৷ ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে দৰে এইবাৰো নৱমীৰ দিনটোত প্ৰায় সাত হাজাৰ বটল বিশুদ্ধ খোৱাপানী দুৰ্গা দেৱীৰ ভক্তৰ মাজত বিতৰণ কৰো৷ নৱমীৰ দিনটোত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু নলবাৰী জিলা সমিতিয়ে গুৱাহাটীৰ পৰা গাড়ীৰে পানীৰ বটল সমূহ কঢ়িয়াই নিয়ে৷ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত অস্থায়ী সেৱা কেন্দ্ৰত পুৱা প্ৰায় ১১ বজাৰ পৰা দিনৰ তিনি বজালৈ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতা, নলবাৰী জিলা সমিতি আৰু বেলশৰ আঞ্চলিক সমিতিৰ নেতা কৰ্মীয়ে বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ মাজত বিশুদ্ধ খোৱাপানী বিতৰণ কৰে। পানী বিতৰণ অনুষ্ঠানত প্ৰাক্তন আছু নেতা তথা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হক, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক চহিদ আলী আহমেদ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰী, নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মেৰাজুল হক, প্ৰাক্তন আছু নেতা দিলীপ বৰ্মন আদি উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ এ আই পৰিচালিত নেটৱৰ্ক চলিউচনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্পেম কল তথা এছ এম এছক বিদায় জনালে। সকলো ডিভাইচত এয়াৰটেলৰ গ্ৰাহকসকলৰ বাবে স্বয়ংক্রিয় সক্রিয়কৰণ সহিতে বিনামূলীয়া সমাধান সূত্র
- 18th SSB Inter-Frontier Badminton Competition commence from today
- এন ই ফ’কাচৰ উদ্যোগত Preserve our past protect our future শীৰ্ষক ঐতিহাসিক কনক্লেভ অনুষ্ঠিত
- ৰাজ্যিক ভিত্তিত দ্বিতীয় জু-জিৎছু প্ৰতিযোগিতা সম্পন্ন
- বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ