সময় থাকোতেই সজাগ হওক-বিশ্ব পৰিবেশ দিৱসৰ বিশেষ

0 244

আজি বিশ্ব পৰিবেশ দিৱস।প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা তথা পৰিবেশ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়।এই দিৱসক অৱশ্যে বেলেগ দিৱসৰ লগত তুলনা কৰা নাযায় কিয়নো এই দিৱস উদযাপনৰ লগত পৃথিৱীৰ আয়ুস, মানৱজাতিৰ ভৱিষ্যত ইত্যাদি বোৰ বিষয় সম্পৰ্কিত হৈ আছে ।১৯৭৪চনৰ ৫জুনৰ পৰা পৰিবেশ দিৱস উদযাপন হৈ আহিছে।এইবাৰৰ বিশ্ব পৰিবেশ দিৱসৰ মূল থিম হ’ল বায়ু প্ৰদূষণ ৰোধ কৰা।দিনে দিনে হৈ থকা বায়ু প্ৰদূষণে শ্বাস প্ৰশ্বাস জনিত বিভিন্ন বেমাৰৰ লগতে চালৰ বেমাৰৰ কাৰক হিচাপে ধৰা দিছে ।ইউ এনে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে ২০২১চনলৈ পৃথিৱীৰ তাপমান অধিক ৰূপত বৃদ্ধি পাব।জলস্তৰৰতো নানা তাৰতম্য ঘটিব।ইয়াৰ মূল কাৰণ হ’ল বায়ুত কাৰ্বন ডাই অক্সাইডৰ গেছৰ অধিক পৰিমাণৰ উপস্থিতি।সেউজ কৰণৰ অভাৱে মূল কাৰণ হিচাপে থিয় দি উঠিছে ।বিশ্ব পৰিবেশ দিৱসৰ দিনা সমান্তৰালভাৱে সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে এখন বিশেষ দেশৰ নাম।চুবুৰীয়া দেশ ভূটানত ৮০ শতাংশ পৰিবেশ সম্পৰ্কীয় নীতি নিয়ম বলবৎ আছে।কিয়নো ভূটানত পৰিবেশ প্ৰদূষণৰ নিৰৱ কাৰক প্লাষ্টিকক নিষিদ্ধ কৰিছে, নিচা জাতীয় দ্ৰব্য নিষিদ্ধ কৰিছে আৰু গছ গছনি ৰোপন, সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে।কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছ গছনি ৰোপন কৰিলে নহ’ব,যেতিয়ালৈকে আমি প্ৰকৃতিক সুৰক্ষা নিদিও, প্লাষ্টিক প্ৰদূষণ ৰোধ নকৰো।আহক আমি সজাগ হৈ আজিয়েই আৰম্ভ কৰো প্ৰকৃতিক বচোৱাৰ এক মিচন।

Leave A Reply

Your email address will not be published.