সাংবাদিকৰ জীৱনৰ ভিত্তিত প্ৰস্তুত কৰা চুটি ছবি ভোক উন্মোচন

0 239

সংবাদ সেৱাৰ জৰিয়তে সমগ্ৰ অঞ্চলতে বাতৰিৰে সচেতনতা বৃদ্ধি কৰি যোৱাৰ লগতে ন ন সময়ত মানৱীয়তাৰ জয়গানেৰে সমাজত কিছুমান ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ কিছুমান জীয়া কাহিনীৰ মাধ্যমেৰে নিৰ্মাণ কৰা হয় ভোক নামৰ এখন ছুটি ছবি। টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰই আনুষ্ঠানিক ভাৱে ভোক নামৰ চুটিছবিখন উন্মোচন কৰে।
 
 
শিক্ষয়িত্ৰী ববী দত্তৰ এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনত ববী দত্ত, উৎপল জ্যোতি খাউণ্ড, ত্রিলোচন হাজৰিকাৰ লগতে দুটি বিশেষ চৰিত্ৰত অভিনয় কৰে দুজন জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰা আৰু ৰিজু কুমাৰ শইকীয়াই। ছবিখনৰ সম্পাদনা কৰে সাৰংগপানি শইকীয়াই আৰু সহযোগ কৰে দীপক হাজৰিকাই। চুটিছবিখন উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলাৰ অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক বিকাশ শইকীয়া, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য প্ৰাণজিত হাজৰিকা।
খবৰ যুগুতালে টিয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.