শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত’সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ প্ৰথমখন অধিৱেশনত সন্থাটিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷ পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হোৱা এই অধিৱেশনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্থাৰ প্ৰায় তিনিকুৰিৰো অধিক সদস্যই উপস্থিত থাকি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে৷সন্থাৰ কাৰ্যকৰী সভাপতি মৃনাল কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাতে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ বিগত কাৰ্যকালৰ (২০১৮-২০২২) সাধাৰণ সম্পাদক শিবাণু বৰাই সম্পাদকৰ প্ৰতিবেদন পাঠ কৰি তেওঁলোকৰ কাৰ্যকালৰ হোৱা বিভিন্ন কৰ্মৰাজিৰ বিস্তৃত বিৱৰণ দাঙি ধৰে৷ সন্থাৰ সভাপতি অৰুণলোচন দাস শাৰীৰিক অসুস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁ এক বাৰ্তাযোগে সন্থাৰ সদস্য সকললৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে৷ সন্থাৰ বিত্তীয় সম্পাদক অনুপম হাজৰিকাই এই অনুষ্ঠানতে বিগত কাৰ্যকালৰ বিত্তীয় প্ৰতিবেদনো দাখিল কৰে। উল্লেখ্য যে আজিৰ এই অধিৱেশনতে নতুন কাৰ্যনিৰ্বাহক সমিতিখনো গঠন কৰা হয়। সভাৰ সৰ্বসন্মতিক্ৰমে সন্থাৰ উপদেষ্টা হিচাপে কমল লোচন দাস, অতুল মজুমদাৰ, অৰুণলোচন দাস, উৎপল দত্ত, হেমন্ত কুমাৰ দাস, অমৃত বৰুৱা, মণি মহন্ত, বিদ্যুৎ কুমাৰ ভূঞাক মনোনীত কৰা হয়। আনহাতে, সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সভাপতি হিচাপে বিতোপন বৰবৰা, উপ-সভাপতি হিচাপে গৌতম শৰ্মা, কমল কুমাৰ ভাগৱতী, অচ্যুত কুমাৰ পাটোৱাৰীক নিৰ্বাচন কৰাৰ বিপৰীতে মৃনাল কুমাৰ বৰাক পুনৰবাৰ কাৰ্যকৰী সভাপতি আৰু শিৱাণু বৰাকো দ্বিতীয়টো কাৰ্যকালৰ বাবে পুনৰবাৰ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি দায়িত্বভাৰ অৰ্পণ কৰা হয়। বিত্তীয় সম্পাদক হিচাপে পুনৰবাৰ অনুপম হাজৰিকাক নিৰ্বাচিত কৰা হয়। সেইদৰে সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিত সাংগঠনিক সম্পাদক হিচাপে জয়ন্ত ডেকা আৰু হেমন্ত শৰ্মাক নিৰ্বাচিত কৰা হয়। যুটীয়া সম্পাদক হিচাপে গোপাল জালান আৰু প্ৰবাল খাউণ্ড, সহকাৰী সম্পাদক হিচাপে মনোৰঞ্জন কলিতা আৰু পল্লৱী বৰা ভূঞাক দায়িত্ব দিয়া হয়। আনহাতে সন্থাৰ নতুন কাৰ্য্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে অতুল্য মাধৱ গোস্বামী, জিষ্ণু মেধি, মণ্টু শইকীয়া,আজহাৰ আলম, হিল্লোল কুমাৰ পাঠক, দৰ্শনা বৰুৱা, সুনয়না ফুকন মহন্ত, প্ৰাঞ্জল এ শৰ্মা, কিশোৰ গোস্বামীক নিৰ্বাচিত কৰা হয়। ইপিনে, অধিৱেশনত অসমৰ বেছিভাগ সংবাদপত্ৰই সাংস্কৃতিক পৃষ্ঠাসমূহ প্ৰকাশ নকৰাত বাবে ক্ষোভ প্ৰকাশ কৰাৰ লগতে পৃষ্ঠাসমূহ পুনৰ প্ৰকাশ কৰিবলৈ সভাত কাকতসমূহৰ কৰ্তৃপক্ষক আহ্বান জনায়। জ্যেষ্ঠ সাংবাদিক সাংবাদিক গৌতম শৰ্মাই আঁতধৰা সভাখনত জ্যেষ্ঠ সাংবাদিক কমল লোচন দাস, অমৃত বৰুৱা, অতুল মজুমদাৰকে আদি কৰি বহুকেইগৰাকী সাংবাদিকে বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে কভিডসৃষ্ট প্ৰতিকুলতাৰ বাবে বিগত বৰ্ষত সাধাৰণ সভা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।
Trending
- কামৰূপ মহানগৰত চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে সম্পন্ন
- প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু
- Department of Posts (DoP) and National Stock Exchange of India Limited (NSE) Sign MoU to Advance Financial Inclusion through Mutual Fund Distribution
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.