সুখীধৰ দহোতীয়াক বীৰ ৰাঘৱ বঁটা প্ৰদান

0 357

অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু অসম মৰাণ সভাৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা বীৰ ৰাঘৱ দিৱসত মৰাণ ভাষা, লোক সংস্কৃতিৰ বিশিষ্ট সাধক তথা বিশিষ্ট সমাজসেৱক সুখীধৰ দহোতীয়াক ২০১৮ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই বঁটাত আছে প্ৰশস্তি পত্ৰ, এখন শৰাই, অংগবস্ত্ৰ আৰু ২ লাখ টকাৰ চেক। বীৰ ৰাঘৱ মৰাণ দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰসঙ্গত কয় যে, বীৰ ৰাঘৱ মৰাণ এগৰাকী মহান বীৰ, দেশপ্ৰেমিক বুলি উল্লেখ কৰি এইগৰাকী মহান বীৰে জনসাধাৰণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিছিল বুলি কয়। কৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি উল্লেখ কৰি বীৰ ৰাঘৱ মৰাণক মহান বীৰে নিজৰ কৰ্মৰাজীৰে সকলোকে সংগঠিত কৰি এক মহান উদ্দেশ্য সাধনৰ কামত নিষ্ঠা সহকাৰে ব্ৰতী হৈছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী সোণোৱালে একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতিযোগিতামুখী যুগত ৰাজ্যখনৰ নৱ প্ৰজন্মক বীৰ ৰাঘৱ মৰাণৰ কৰ্ম সংস্কৃতিৰ উদ্বুদ্ধ হৈ ৰাজ্যখনৰ উত্তৰণৰ দিশত ব্ৰতী হোৱাৰ বাবে আহ্বান জনায়। ৰাজ্যখনৰ বহু শক্তি আৰু সামৰ্থ আছে বুলি কোৱাৰ লগতে এই শক্তি আৰু সমৰ্থনৰ উত্তৰণৰে ৰাজ্যখনক সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ’লে ৰাজ্যখনৰ পুৰোধা ব্যক্তি আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ বীৰ পুৰুষ সকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ নিজৰ কৰ্মপথাৰত সকলোৱে নিষ্ঠা সহকাৰে কৰ্মত ব্ৰতী হ’ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেই প্ৰজাৰ মঙ্গলৰ বাবে চিন্তা কৰা ৰাঘৱ মৰাণ এগৰাকী প্ৰকৃত বীৰ আছিল বুলি কয়। মোৱামৰীয়া গণবিপ্লৱে গণতন্ত্ৰৰ প্ৰত্যক্ষ বীজ ৰোপন কৰিছিল উল্লেখ কৰি বীৰ ৰাঘৱ মৰাণক মহান জাতীয়তা আৰু শ্ৰেষ্ঠ সংগঠকৰ প্ৰতীক বুলিও কয়। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পুৰোধা ব্যক্তি তথা বীৰ সকলৰ স্মৃতি নৱ প্ৰজন্মৰ মাজত সজীৱ কৰাৰ বাবে বীৰ ৰাঘৱ মৰাণৰ লেখীয়া বীৰৰ নামেৰে ২০১৮ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিবছৰে বঁটা প্ৰদানৰ উদ্যোগ লৈছে বুলি মন্ত্ৰী দলেই ভাষণত উল্লেখ কৰে। অনুষ্ঠানত বীৰ ৰাঘৱ মৰাণ দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা “যুগ্মজয়ী” শীৰ্ষক এখন স্মৃতিগ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উক্ত অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বৰ্ণালী শৰ্মা, দিছপুৰ বিধান সভাৰ বিধায়ক অতুল বৰা, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতীয়া, জ্যোতি চিত্ৰবন আৰু টেলিভিচন ইনষ্টিটিউটৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.