সেউজ গ্ৰন্থমেলা জানুৱাৰীত অনুষ্ঠিত হ’ব

0 274

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহযোগত ৬জানুৱাৰীৰ পৰা ৯জানুৱাৰীলৈ অসম প্ৰকাশন পৰিষদে বোকাখাতৰ গড়মূৰ হাইস্কুল খেলপথাৰৰ প্ৰাংগনত সেউজ গ্ৰন্থমেলা অনুুুষ্ঠিত কৰিব ।এই সেউজ গ্ৰন্থমেলা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা আছিল যদিও ৰাজ্যৰ সম্প্ৰতি ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হ’ল।অসম প্ৰকাশন পৰিষদৰ সচিবে প্ৰেৰণ কৰা এক বিবৃতি উল্লেখ কৰা অনুসৰি সেউজ গ্ৰন্থমেলাৰ যাৱতীয় প্ৰস্তুতি পূৰ্বৰ দৰে অব্যাহত থাকিব।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ জনগোষ্ঠীৰ বহু সংখ্যক লেখকে অংশগ্ৰহণ কৰিব।সেউজ গ্ৰন্থমেলা যুৱ সাহিত্যিক বাবে সাহিত্যানুষ্ঠান,শিশুৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.