বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ পাত্ৰ স্থাপন

0 292

গুণোৎসৱৰ কাৰ্য্যসূচীত অংশ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ৯অক্টোবৰত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ শিক্ষাখণ্ডৰ অধীনৰ জাৰাপাটা প্ৰাথমিক বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিদ্যালয়খনক আন্তঃ গাঁঠনিকে ধৰি বাকী থকা কামখিনি কৰাৰ বাবে তৎকালীন ব্যৱস্থা ল’বলৈ স্থানীয় বিধায়ক তথা উপাযুক্তক নিৰ্দেশ দিছিল।মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল-১ দ্বাৰা অতি কম সময়ৰ ভিতৰতে বিশুদ্ধ খোৱাপানী পাত্ৰ সংস্থাপন কৰা হৈছে।বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীকে ধৰি শিক্ষক শিক্ষয়ত্ৰীক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে বুলি এক প্ৰেছ বিজ্ঞপ্তি  যোগে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.