গুৱাহাটীৰ ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত দেওবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক সম্বৰ্ধনা জনোৱা হয়।সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সদস্য, নামতী দময়ন্তী ডেকাই আঁত ধৰা সভাখনত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সভাপতি মহিমা দাস আৰু সম্পাদক দিপ্তী শৰ্মা আৰু কণমানি শিশু ৰিঅ’ আৰ্মিন ডেকাই মেয়ৰ মৃগেন শৰণীয়াক সমৰ্দ্ধনা জনায়। সভাত নামঘৰৰ তৰফৰ পৰা অঞ্চলটোৰ বাট-পথৰ সমস্যা সমাধানৰ লগতে অৰ্ধ্বনিৰ্মিত নামঘৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলাৰ বাবে মেয়ৰ মৃগেন শৰণীয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। মেয়ৰ মৃগেন শৰণীয়াই স্মাৰকপত্ৰ খন গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়ে। সভাত সমাজকর্মী ৰাহুল মেধি,ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ প্ৰাক্তন সভাপতি, সমাজকর্মী কুমুদ চন্দ্ৰ ডেকাৰ লগতে নামঘৰৰ সদস্য, অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ