মহানগৰীৰ আজাৰাস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে হীৰক জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত গুৱাহাটীস্থিত মাৰোৱাৰী মেটাৰনিটী হাস্পতাল আৰু লায়ন্স ক্লাব গুৱাহাটীৰ সহযোগত আজি মহানগৰীৰ সমীপৱৰ্তী চকৰ্দো দেশভক্ত তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ত এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হৈ যায়। উক্ত শিৱিৰ মুকলি কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। এই অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱেন চন্দ্ৰ মেধী, উপ সভাপতিদ্বয় চন্দ্ৰ কুমাৰ দাস, মহেশ্বৰ ৰংপী আৰু কোষাধ্যক্ষ জয়ন্ত কুমাৰ পাটগিৰি উপস্থিত থকা এই শিৱিৰ পৰিচালনা কৰে সম্পাদক তপন জখৰীয়াই। স্বাস্থ্য পৰীক্ষা শিৱিৰৰ জৰিয়তে হিতাধিকাৰী সকলৰ চকু, ডায়েবেটিচ, ফিজিওথেৰাপি, প্ৰসুতি আৰু শিশু ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়। প্ৰায় দুই শতাধিক ৰোগী এই শিবিৰৰ দ্বাৰা উপকৃত হয়। শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে চকৰ্দো অঞ্চলৰ সমাজকৰ্মী বাহাদুৰ ইংতি, সুগ্ৰীব বে, লক্ষীন্দ্ৰ টেৰণ আৰু তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল মেধিক সম্বৰ্ধনা জনোৱা হয়।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ