এখন দৃষ্টিনন্দন কৃষি পাম । ঢকুৱাখনাৰ আয়ুস ৰেখা স্বৰূপ চিৰ প্ৰবাহমান চাৰিকঢ়িয়া নদীৰ পাৰৰ অৱবাহিকা গৰৈমাৰি চাপৰিত কপালৰ ঘাম মাটিত পেলাই ঢকুৱাখনা মহকুমাৰ ভগামুখ তিনিআলিৰ সমীপৰ এজন কৰ্মোদ্যমী যুৱকে গঢ়ি তুলিছে এই জৈৱিক কৃষি পামখন। প্রকৃতিৰ বিনন্দীয়া পৰিবেশত নিজৰ চনপৰা প্ৰায় ৭ বিঘা ভূমিত আত্মনির্ভৰশীলতৰ জয় গান গোৱা এই যুৱকজনৰ নাম জিতু মণি দাস। সাম্প্ৰতিক ক`ভিড সৃষ্ট গ্ৰাম্য অৰ্থনীতিৰ পশ্চাদগামী অবস্থ্যক প্ৰত্যাহ্বান জনাই এইগৰাকী উদ্যমী যুৱকে কেইজনমান উদ্যমী যুৱকক সাৰথি কৰি যোৱা প্ৰায় ৬ মাহৰ ভিতৰত গঢ়ি তুলিবলৈ সক্ষম হৈছে এইখন স্বয়ং সম্পূৰ্ণ কৃষি পাম। যত থলুৱা জাতৰ মাছৰ পৰা ৰৌ ,বাহু , মিৰিকা মাছ , কমন কাৰ্প , গ্ৰাছ কাৰ্পলৈ , জাতিলাও ,ৰঙালাও, কোমোৰাৰ পৰা আদা, জলকীয়া , কেৰেলা, দাংবদি , ভাত কেৰেলা, জিকা , ভেন্দিলৈ সকলো শাক পাচলিৰে উভৈনদী । তাৰোপৰি থলুৱা জাতৰ কুকুৰা ,হাঁহ ,ছাগলী ,গাহৰি ,গৰু আদি পালন কৰিও ঈর্ষণীয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী যুৱক। লকডাউনৰ সময় চোৱাত ঘৰতে বহি থকাতকৈ নিজৰ আৱাদী মাটিত কৃষি কৰ্মেৰে নিজৰ লগতে অন্য কৰ্মবিমুখ যুৱকক সংস্থাপিত কৰাৰ পণ লৈ প্ৰায় ৬ মাহৰ পুর্বে আৰম্ভ কৰিছিল এইখন কৃষি পাম। এই লক্ষ্যৰে “সমন্বয় আত্ম সহায়ক গোট” এটা গঠন কৰি নিজা সঞ্চিত পুঁজিৰে পৰিত্যক্ত আৱাদী মাটি চহাই উৰ্বৰা কৰি ঋতুকালীন শাক পাচলিৰ খেতি কৰাৰ সমান্তৰাল ভাবে প্ৰায় ৬ বিঘা মাটিত পুখুৰী খান্দি মীন পালনত ব্ৰতী হয় উদ্যমী যুৱক দাস। তাৰোপৰি থলুৱা জাতৰ হাঁহ ,কুকুৰা , ছাগলী , গাহৰি ,গৰু আদি পালনৰো প্ৰক্ৰিয়া আৰম্ভ কৰি আজিৰ দিনত দৈনিক অতিকমেও ১০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । চলিত লক ডাউন সদৃশ পৰিস্থিতিত ঘৰতে আবদ্ধ হৈ থকা মহকুমাটোৰ প্ৰায় ৭ গৰাকী কৰ্মঠ যুৱকক সাৰথি কৰি চলাই যোৱা পাম খনৰ দাঁতিতে দাসে গঢ়ি তুলিছে এখন বিশাল চুমনি । যত ৰেচম পালনৰ লক্ষ্য নিৰ্হিত আছে। পামখনত জড়িত হৈ আৰ্থিক ভাৱে লাভান্বিত হোৱাৰ সমান্তৰাল ভাৱে স্ব নিয়োজনৰ সেন্দুৰীয়া বাটত আগুৱাই যোৱা শিক্ষিত নিবনুৱা দেৱ চুতীয়া , ভৰত হাজৰিকা , মুকুল দাস , দুলেন বৰুৱা , পিংকো হাজৰিকা , প্ৰশান্ত নাথ, পলাশ কোচ, নিতুল সন্দিকৈ, সদা মজুমদাৰ , নিজু দাস ,অৰূপ দাস ,মৃণাল চুতীয়া , ফুলেশ্বৰ বৰা ,ব্ৰজেন দাস আদিয়ে “এন ই ফ`কাছ”ক কলে ” মন কৰিলেই চন ,বকৰি মাটিতে ধনৰ প্ৰায়োগিক দৃষ্টান্ত দাঙি ধৰা উদ্যমী যুৱক জিতু মণি দাসৰ সান্নিধ্যত আমি স্বাৱলম্বী । অনাগত সময়ত এই পামখনৰ জৰিয়তে এক ব্যতিক্ৰমী বহুমুখী কৃষি বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্য বান্ধি ৰখা বুলিও যুৱক সকলে প্ৰত্যয়েৰে জনালে। উল্লেখ্য যে দাসে যোৱাটো কৰ’না কালত জীয়ামৰীয়া গাঁওৰ সৰ্ব পৰিচিত “অইল ফিল্ড”টো এখন কৃষি পাম খুলি পশু পালন , ঋতুকালীন খেতিৰে স্থানীয় ৬ গৰাকী নিবনুৱা যুৱকক স্বনিয়োজনৰ পথৰে আগুৱাই নিয়াৰ লগতে প্ৰচুৰ ভাবে লাভান্বিত হৈ আহিছে। গ্ৰাম্য অৰ্থনীতি সৱলীকৰণত আত্মনিয়োগ কৰি অনুকৰণীয় নজিৰ সৃষ্টি কৰা উদ্যমী জিতু মণি দাসলৈ এন ই ফ`কাছৰ তৰফৰ পৰা জনালো অযুত অভিনন্দন। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ