স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ

0 236

বৰ্তমান ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰত চৰকাৰে লকডাউন ঘোষণা কৰিছে । ইয়াৰ ফলস্বৰুপে বিশেষকৈ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ অৱস্থা শোচনীয় হৈ উঠিছে।
 
দৰিদ্ৰ শ্ৰেণীৰ কিছু খাদ্য সংকট দূৰ কৰাৰ উদ্দেশ্যেৰে কামৰূপ জিলাৰ পলাশবাৰীৰ দখলা গাঁৱত স্বেচ্ছাসেৱী সংস্থা “গোল্ডেন হেৰিটেজ”ৰ উদ্যোগত আজি খাদ্যসামগ্ৰী বিতৰণ কৰে।
 
বিতৰণৰ কাৰ্যসূচীত দখলা গাঁৱৰ অকালতে বিধৱা হোৱা আৰু বিধৱা মহিলাৰ দ্বাৰা পৰিচালিত ২৫ টা অতি দৰিদ্ৰ পৰিয়ালক সামৰি লয়। সংস্থাটোৰ উপদেষ্টা দিলীপ কুমাৰ ঠাকুৰীয়াৰ উপস্থিতিত খাদ্যসামগ্ৰী সমূহ “গোল্ডেন হেৰিটেজ”ৰ সভাপতি শেৱালী ঠাকুৰীয়া আৰু কোষাধ্যক্ষ শিৱানী ঠাকুৰীয়াই সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে।
 
এই খাদ্য সামগ্ৰী সমূহ দান হিচাপে আগবঢ়াই “গোল্ডেন হেৰিটেজ”ৰ উপদেষ্টা দিলীপ কুমাৰ ঠাকুৰীয়াই। উপদেষ্টা গৰাকীৰ এই মহানুভৱতাৰ বাবে সংস্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ এনে মহান আদৰণীয় পদক্ষেপক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে।
 
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতু মণি দাসে..

Leave A Reply

Your email address will not be published.