স্বয়ং সক্ৰিয় যন্ত্ৰ উদ্ভাৱনেৰে বাতৰিৰ শিৰোনামা দখল কৰিছে তিনিচুকীয়া ফিল’বাৰীৰ এজন উদ্ভাৱকে।তিনিচুকীয়া ফিল’বাৰীৰ ৰামা শংকৰ কৈৰী নামৰ ব্যক্তিজনে পানী টেংকীৰ জলস্তৰ নিয়ন্ত্ৰণৰ বাবে স্বয়ংক্ৰিয় এটা যন্ত্ৰ উদ্ভাৱন কৰিছে।প্লাষ্টিক, স্প্ৰিং, লোহা, এলুমিনিয়ামেৰে তৈয়াৰী এই যন্ত্ৰটো কৈৰীয়ে শিক্ষকতা কৰা বিদ্যালয়ত ইতিমধ্যে ব্যৱহাৰ কৰিছে।উল্লেখযোগ্য যে এই যন্ত্ৰটোৰ সহায়ত অটোমেটিক ভাৱে মটৰ ষ্টাৰ্ট হয় আৰু পানী ভৰ্তি হ’লে আপোনা আপুনি বন্ধ হয়।ইতিমধ্যে বিভিন্ন বিদ্যালয়ৰ কৰ্ত্তৃপক্ষই এই যন্ত্ৰটোক ক্ৰয় কৰিবলৈ মন মেলিছে।জানিব পৰা মতে পানী টেংকীৰ জলস্তৰ নিয়ন্ত্ৰণৰ যন্ত্ৰটোৰ দাম ৫০০টকা।স্মতব্য যে কৈৰীয়ে ইতিপূৰ্বে বৈদ্যুতিক যঁতৰ, নদীৰ পৰা বিদ্যুত উৎপাদন কৰা যন্ত্ৰ উদ্ভাৱন কৰিছিল।কৈৰীৰ এই উদ্ভাৱনে নিসন্দেহে আশাৰ বতৰা কঢ়িয়াইছে।
1 Comment
verry verry nice sir keep up.