‘স্মৃতিৰ সঁফুৰা’ আনুষ্ঠানিক শুভ উন্মোচন

0 229

চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ওপৰ চচল বিহু সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, চচল নামঘৰ সমিতিৰ প্ৰাক্তন সম্পাদক তথা বৃহত্তৰ গুৱাহাটীৰ ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত বিশিষ্ট হাস্য-ব্যংগ সাহিত্যৰ লেখক, কবি তথা বিশিষ্ট সমাজসেৱী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেৱা বিভাগৰ বিষয়া প্ৰয়াত লীলা কান্ত বৰাদেৱৰ প্ৰথম বাৰ্ষিক মৃত্যু-তিথিৰ লগত সংগতি ৰাখি তেখেতৰ কৰ্মময় জীৱনক আলোকপাত কৰি পৰিয়ালবৰ্গৰ উদ্যোগত এখনি স্মৃতিগ্ৰন্থ স্মৃতিৰ সঁফুৰা প্ৰকাশ কৰা হয়। স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে হৰিনাৰায়ণ বৰ্মনে তথা সম্পাদনাত সহযোগ কৰে কনক চন্দ্ৰ মহন্ত আৰু পৰাণজ্যোতি বৰাই। স্মৃতিৰ সফুৰাখন আজি এক বিশেষ স্মৃতিচাৰণ সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰে পশু চিকিৎসা বিজ্ঞান
মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মিনেশ্বৰ হাজৰিকাই। উন্মোচনী অনুষ্ঠানত প্ৰয়াত লীলাকান্ত বৰাৰ কৰ্মজীৱনৰ বিভিন্ন স্মৰণীয় স্মৃতি ৰোমন্থন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা দেশৰ শ্ৰষ্টা ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা অসম সাহিত্য সভাৰ হেম বৰুৱা বঁটা বিজয়ী কামৰূপ ৰত্ন থানেশ্বৰ মালাকাৰে।প্ৰয়াত বৰাৰ পৰিয়াল বৰ্গৰ হৈ জ্যেষ্ঠ পুত্ৰ বিশিষ্ট অভিনেতা অৰূপ বৰাই স্মৃতি ৰোমন্থন কৰে।দ্বি শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা স্মৃতিচাৰণ অনুষ্ঠানত বিভিন্নজনে চচলত অৱস্থিত চচল শতদল শাখা সাহিত্য সভা, চচল ৰাজহুৱা নামঘৰ, ওপৰ চচল বিহু সন্মিলন আদি বিভিন্ন অনুষ্ঠানত প্ৰয়াত বৰাৰ অৱদানৰ কথা সদায়ে মনত সজীৱ কৰি ৰাখিব বুলি মন্তব্য আগবঢ়ায় ৷ স্মৃতিচাৰণ সভা আৰু বাৰ্ষিক অনুষ্ঠানত উপস্থিত থকা সকলো ব্যক্তিকে পৰিয়ালবৰ্গৰই কৃতজ্ঞতা আৰু ধন্যবাদ জনাই বুলি চচল শতদল শাখা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.