কামৰূপ মহানগৰ জিলাত সমাগত শাৰদীয় দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা সন্দৰ্ভত আলোচনাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এখন বৈঠক অনুষ্ঠিত হয়৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী, পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়া, দুৰ্গা পূজা উদযাপন সমিতিসমূহৰ বিষয়ববীয়া বৈঠকত উপস্থিত থাকে৷ বৈঠকত দুৰ্গা পূজা উদযাপন সমিতিসমূহে পূজাৰ দিনকেইটাত আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত পালন কৰিবলগীয়া কিছু নিৰ্দেশনা অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাই অৱগত কৰে৷ ইয়াৰোপৰি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিৰ্দ্ধাৰণ কৰা নিৰ্দেশনাৰ বিষয়েও পূজা উদযাপন সমিতিসমূহক অৱগত কৰোৱা হয়৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰতিমা নিৰ্মাণত আৰু পূজাৰ সময়ত কেৱল পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিবলৈ, কোনোধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ, প্ৰতিমা বিসৰ্জনৰ পিছত ৰৈ যোৱা অৱশেষ যথাসম্ভৱ সোনকালে নষ্ট কৰি পেলাবলৈ, প্ৰতিমা বিসৰ্জন স্থান ভালকৈ বেৰা দি লোৱাকে ধৰি কেবাটাও নিৰ্দেশ দিছে৷ পৰিষদৰ নিৰ্দেশসমূহ পালনত সৰ্বাধিক গুৰুত্ব দিবলৈ প্ৰশাসনে সমিতিসমূহক আহ্বান জনায়৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই সঠিকভাৱে জাবৰ ব্যৱস্থাপনা কৰা, প্ৰতিখন পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, পূজা মণ্ডপৰ বাবে অগ্নি নিৰ্বাপন আৰু এ পি ডি চি এলৰ সুৰক্ষা প্ৰমাণপত্ৰ সঠিকভাৱে সংগ্ৰহ কৰা, বিসৰ্জনৰ সময়ত গাড়ী আৰু মানুহৰ সংখ্যা যথাসম্ভৱ কম কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত বিক্ষিপ্ত ঘটনা বা ভুল বুজাবুজি নহয় তাৰ ওপৰত চকু ৰাখিবলৈ, পূজা উদযাপনৰ নামত ৰাইজে স্বইচ্ছাই দিয়া বৰঙণিৰ বাহিৰে আন উপায়েৰে বৰঙণি সংগ্ৰহ নকৰিবলৈ, পূজা মণ্ডপৰ বাবে যাতে যানজঁট সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ, অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী সহজে যাব পৰা পথ ৰাখিহে মণ্ডপ সাজিবলৈ, আলোকজ্জাৰ সামগ্ৰী আৰু সংযোগসমূহ উপযুক্ত কাৰিকৰী জ্ঞান থকা লোকৰ দ্বাৰা পৰীক্ষা কৰি ল’বলৈ, বিসৰ্জনৰ সময়ত ৰাগিয়াল সামগ্ৰী সেৱনৰ পৰা সকলোকে বিৰত ৰাখিবলৈ পূজা উদযাপন সমিতিসমূহৰ প্ৰতি আহ্বান জনায়৷ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰি নিশা ১০ বজাৰ পিছত উচ্চ প্ৰাৱল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিলে আৰক্ষী যথেষ্ট কঠোৰ হ’ব আৰু এই সন্দৰ্ভত অভিযোগ পালে আইনী ব্যৱস্থা লোৱাৰ লগতে শব্দযন্ত্ৰসমূহ জব্দ কৰাৰ দৰে পদক্ষেপো লোৱা হ’ব৷ আনন্দ ফুৰ্তিৰ মাজেৰে দূৰ্গোৎসৱ উদযাপনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণৰ সহায় কৰাৰ আশ্বাস দি আৰক্ষী আয়ুক্তগৰাকীয়ে শান্তিপূৰ্ণ আৰু সুশৃংখলিতভাৱে পূজা উদযাপনত ৰাইজৰ পৰাও সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰে৷ সভাত পূজা সমিতিৰ একাংশ বিষয়াববীয়াই তেওঁলোকৰ সমস্যা, পৰামৰ্শ আদি সদৰি কৰে আৰু প্ৰশাসনৰ তৰফৰ পৰা যথোপযুক্ত পদক্ষেপ লোৱাৰ নিশ্চয়তা দিয়া হয়৷
Trending
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক