সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত স্থান লাভ কৰিলে অসমৰ ৫গৰাকী পৰীক্ষাৰ্থীয়ে

0 253

ঘোষিত হ’ল সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল।এইবাৰ পৰীক্ষাত স্থান লাভ কৰিলে ৫ গৰাকীকৈ অসম সন্তানে। তেওঁলোক হ’ল আৰণ্যক শইকীয়া, তপন ডেকা, চিজল আগৰৱালা, নিবেদিতা দত্ত, আৰু কিশোৰ সূত্ৰধাৰ।
 
 
ইয়াৰে নিবেদিতা দত্ত ঘৰ যোৰহাটৰ টিয়কৰ ভগামুখত । সম্প্ৰতি নিবেদিতা দিল্লীৰ বাসিন্দা। আনহাতে আৰণ্যক শইকীয়া অসম সাহিত্য সভা সভাপতি কুলধৰ শইকীয়া পুত্ৰ। সম্প্ৰতি আৰণ্যকে কৰ্ণাটকত আৰক্ষী সেৱা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।বাতৰি লিখা সময়লৈকে বাকী কেইগৰাকীৰ সবিশেষ জানিব পৰা হোৱা নাই । নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থী সকল ভাৰতীয় প্ৰশাসনিক সেৱা , ভাৰতীয় আৰক্ষী সেৱা, আদিত অন্তৰ্ভুক্ত হ’ব।

Leave A Reply

Your email address will not be published.