সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বুদ্ধিদীপ্ত পৰিকল্পনা বিষয়ক এখনি আলোচনা চক্ৰ অলপতে আই ,কিউ চিভিল আই এচ একাডেমিৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। ৩১ জানুৱাৰীত অনুষ্ঠিত হোৱা এই বিশেষ আলোচনা চক্ৰখনত বক্তা হিচাপে আই আই টি খড়গপুৰৰ প্ৰাক্তন ছাত্ৰ তথা আই কিউ চিভিল আই এ এচ একাডেমীৰ পৰিচালক অনুজ সিঙে।প্ৰায় সহস্ৰাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা আলোচনা চক্ৰখনত অনুজ সিঙে কয় যে প্ৰকৃততে সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষা ছাত্ৰ ছাত্ৰী সকলে ভবাৰ দৰে টান নহয়। নিয়মিত ভাৱে একচিত্ৰে অধ্যয়ন কৰিলে সহজে ইয়াত উত্তীৰ্ণ হ’ব পাৰি। আনহাতে প্ৰথম বাৰৰ বাবে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱা অনুজ সিঙে কয় সাংবাদিকৰ আগত কয় যে এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অধিক ধন ভৰি দিল্লীলৈ যাব নালাগে । অতি কম খৰচৰ বিনিময়ত আই কিউ এ এচ একাডেমী য়ে এনেধৰণৰ পাঠ্যক্ৰমৰ সুবিধা আগবঢ়াব লগতে communication skills ৰ ওপৰতো গুৰুত্ব দিয়া হ’ব । আলোচনা চক্ৰ খনত ডিব্ৰুগড়ৰ জিলাৰ সহকাৰী আয়ুক্ত দিবাকৰ নাথৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক পৰীক্ষা কেন্দ্ৰ পৰিচালক অধ্যাপক নৰেন্দ্ৰ লহকৰে।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান